মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ

অংশীদাৰী কাৰ্যসূচী

ইউনিসেফ

ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমলৈ ইউনিচেফৰ সহযোগিতা ২০১৭

প্ৰস্তাৱনা:

            জন্মলগ্নৰে পৰা বিভিন্ন সময়সূচীৰে প্ৰাক নিযুক্তিকালীন আৰু আন্ত:নিযুক্তিকালীন বিভিন্ন শিক্ষক প্ৰশিক্ষণ অনুষ্ঠিত কৰি অহা ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসম ৰাজ্যখনৰ বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত এক চূড়ান্ত শৈক্ষিক গোট ৷ ই শিক্ষক প্ৰস্তুতিৰ গুণগত মান নিশ্চিত কৰা এক প্ৰতিষ্ঠান ৷ বিগত ২০১৭ বৰ্ষত ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে  ইউনিচেফৰ সহযোগিতাত গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷

মুক্ত ও দূৰ শিকনৰ জৰিয়তে ২ বছৰীয়া ডি এল এড পাঠ্যক্ৰম :

            ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসম হৈছে ৰাজ্যখনত জন্মলগ্নৰে পৰা বিভিন্ন সময়সূচীৰে প্ৰাক নিযুক্তিকালীন আৰু আন্ত:নিযুক্তিকালীন বিভিন্ন শিক্ষক প্ৰশিক্ষণ অনুষ্ঠিত কৰি আহি বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত এক চূড়ান্ত শৈক্ষিক গোটৰ ভূমিকা পালন কৰি আহিছে ৷ অপ্ৰশিক্ষিত শিক্ষকক মুক্ত ও দূৰ শিকনৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে সম্পূৰ্ণ  আহৰণ কৰা ইয়াৰ পূৰ্ব অভিজ্ঞতা, মানব শক্তি আৰু সকলো প্ৰান্ততে সিঁচৰিত হৈ থকা আনুষ্ঠানিক যোগাযোগ ব্যৱস্থাৰে ২ বছৰীয়া ডি.এল.এড. পাঠ্যক্ৰমৰ গুৰি ধৰিছে ৷ ৰাজ্যখনত সিঁচৰিত হৈ থকা বিভিন্ন শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জৰিয়তে ২ বছৰীয়া ডি.এল.এড. কাৰ্যসূচীৰ ক্ষেত্ৰত ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে আগ ভাগ লৈছে ৷

মুক্ত ও দূৰ শিকন (ODL) শিক্ষকৰ প্ৰশিক্ষণ ক্ষেত্ৰত আবশ্যম্ভাৱী, যিহেতু এক নগন্য সংখ্যক শিক্ষকহে প্ৰশিক্ষণপ্ৰাপ্ত লগতে অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলৰ প্ৰশিক্ষণ গ্ৰহণৰ বাবে পাব পৰা সূযোগ নিচেই সীমিত ৷ মুক্ত ও দূৰ শিকনৰ যোগে ডি.এল.এড. প্ৰদানৰ ব্যৱস্থাই হৈছে একমাত্ৰ সম্ভৱপৰ উপায়, যিহেতু ই এক সুগম ব্যৱস্থা আৰু লগতে নমনীয় ৷ এই নমনীয়তা শিক্ষকসকলক পেচাগত/ বৃত্তিগত পাঠ্যক্ৰম লাভ কৰাৰ ক্ষেত্ৰত সূযোগ প্ৰদান কৰিছে আৰু তেনেকৈ ই গুনগত শিক্ষাৰ প্ৰসাৰণত অৰিহনা আগবঢ়াইছে ৷ গোটেই ৰাজ্যতে এক বুজন সংখ্যক শিক্ষকে বৃত্তিগত অৰ্হতা লাভ কৰাৰ ক্ষেত্ৰত পিচপৰি আছিল ৷ মুক্ত ও দূৰ শিকনে শিক্ষকৰ বৃত্তিগত বিকাশৰ ক্ষেত্ৰত সুযোগৰ ব্যৱস্থাই ব্যাপক অবদান আগবঢ়াইছে ৷ অসম চৰকাৰে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসমৰ জৰিয়তে আৰু ইউনিচেফ অসমৰ সহযোগিতাত প্ৰাথমিক শিক্ষাৰ ডিপ্ল'মা অৰ্থাৎ ডি.এল.এড. পাঠ্যক্ৰম মুক্ত ও দূৰ শিকনৰ যোগেদি কৰিবলৈ যাওঁতে তলত উল্লেখিত কাৰ্যব্যৱস্থাসমূহ গ্ৰহণ কৰিছিল:

  • মুক্ত ও দূৰ শিকনৰ যোগে ডি.এল.এড. পাঠ্যক্ৰম সন্দৰ্ভত আয়ুক্ত সচিবৰ সৈতে আলোচনা ৷
  • মুক্ত ও দূৰ শিকনৰ যোগে ডি.এল.এড. পাঠ্যক্ৰম ৰূপায়নৰ ক্ষেত্ৰত জ্ঞান অৰ্জনৰ বাবে  ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ তথা বিভিন্ন শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বিষয়া সকলৰ বিহাৰলৈ শিক্ষামূলক ভ্ৰমন ৷
  • মুক্ত ও দূৰ শিকনৰ যোগেদি ডি. এল. এড. পাঠ্যক্ৰম সফল ৰূপায়নৰ  বাবে  ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণৰ অধ্যক্ষ তথা বিষয়াসকলৰ আলোচনা ও প্ৰশিক্ষণৰ ব্যৱস্থা ৷

ফলাফল/প্ৰভাৱ :

  • ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ এই কাৰ্যক্ৰমত ইউনিচেফ অসমৰ সহযোগিতাত

গোটেই প্ৰক্ৰিয়াটো ত্বৰান্বিত হয় আৰু কাৰ্যক্ৰমটোৱে এক নতুন গতি লাভ কৰে ৷

  • প্ৰায় পচিশ হাজাৰ অপ্ৰশিক্ষিত শিক্ষক-শিক্ষয়িত্ৰীয়ে এই মুক্ত ও দূৰ শিকনৰ যোগেদি প্ৰাথমিক  শিক্ষাৰ ডিপ্ল'মা/ডি.এল.এডপাঠ্যক্ৰমত নাম ভৰ্ত্তি কৰে ৷
  • মূল সমল ব্যক্তিৰ (KRP) প্ৰশিক্ষণ সুচাৰুৰূপে সম্পন্ন হৈছে আৰু সমল ব্যক্তিৰ প্ৰশিক্ষণ চলি আছে আৰু নবেম্বৰ, ২০১৭ ইং ৰ পহিলা সপ্তাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে ৷
  • প্ৰাথমিক শিক্ষাৰ অধিকাৰ, ২০১৯ আইনত উল্লেখিত বৃত্তিগতভাবে অৰ্হতাসম্পন্ন শিক্ষক ৰাজ্যখনত মাৰ্চ, ২০১৯ৰ ভিতৰত উপলব্ধ হ'ব বুলি আশা কৰা হৈছে ৷

ৰাষ্ট্ৰীয় শিক্ষকৰ শিক্ষা পৰিষদৰ নিৰ্দ্দেশনা২০১৪ অনুযায়ী ডি. এলএডপাঠ্যক্ৰমৰ পৰ্যালোচনা

            বিগত শতিকাতকৈ আজিৰ দিনত শিক্ষকৰ শিক্ষা খুবেই প্ৰয়োজনীয় ৷ শিক্ষানীতি আৰু ব্যৱস্থাৰ দিশত মূলগতভাবে শিক্ষাৰ ক্ষেত্ৰত পৰিবৰ্ত্তিত হৈছে আৰু বিদ্যালয়বোৰৰ প্ৰয়োজনীয়তা তথা উন্নতিৰ দৌৰৰ লগতে খাপ খুৱাবলৈ শিক্ষক প্ৰস্তুতিৰ কাৰ্যসূচীৰ প্ৰয়োজন হৈছে ৷ তাৰেই পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদৰ নিৰ্দেশনা, ২০১৮ অনুসৰি ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে ডি.এল.এড. পাঠ্যক্ৰমৰ পৰ্যালোচনা কৰ্মশালাৰ আয়োজন কৰা হৈছে ৷

            নিৰ্দেশনাই ইয়াকে কৈছে যে- " শৈশৱৰ অধ্যায়ন, শিক্ষাৰ সামাজিক প্ৰসংগ, বিষয় জ্ঞান, শিক্ষন বিজ্ঞান সম্বন্ধীয় জ্ঞান, শিক্ষাৰ লক্ষ আৰু যোগাযোগৰ কৌশল আদিৰে সমন্বিতভাবে ডি. এল. এড. কাৰ্যসূচী ৰূপ দিব লাগে ৷ এই কাৰ্যসূচীত বাধ্যতামূলক আৰু ইচ্ছাধীন তত্ব বিষয়ক পাঠ, বাধ্যতামূলক ব্যৱহাৰিক বিষয় আৰু বাধ্যতামূলক বিদ্যালয় ভিত্তিক ইন্টাৰ্নশ্বিপ থকা উচিত ৷

            তত্ব বিষয়ক পাঠ আৰু ব্যৱহাৰিক বিষয়ৰ সাঁজোন এটা নিৰ্দ্দিষ্ট অনুপাতত থকাটো উচিত আৰু ইয়াক অনুমোদিত গোট/দলে নিৰ্দ্ধাৰণ কৰে ৷ শিক্ষকৰ শিক্ষাৰ ৰাষ্ট্ৰীয় কাৰিকুলাম আধাৰৰ বিস্তৃত নিয়মাবলীৰ আওঁতাৰ মাজত থাকি নিজ ৰাজ্য অথবা অঞ্চলৰ বাবে গ্ৰহণ কৰিবলগীয়া দিশ কৰিকুলামত প্ৰতিফলিত হোৱা উচিত ৷ তথ্য সৰবৰাহ প্ৰযুক্তি (ICT) যোগ শিক্ষা আৰু বিশেষভাৱে সক্ষমসকলৰ বাবে শিক্ষা পাঠ্যক্ৰমৰ অখণ্ড অংশ হোৱা উচিত ৷"

বিদ্যালয়ৰ বাবে শিশু বন্ধুত্ব সূলভ শিক্ষকৰ প্ৰয়োজন আৰু এনেধৰণৰ শিক্ষক প্ৰস্তুত  কৰাৰ দায়িত্ব শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ ৷ অবহেলিত, অপব্যৱহৃত, সংঘৰ্ষ পীড়িত আৰু  শোষিত শিশুসকলক কেনেদৰে চম্ভালিব, সেই সন্দৰ্ভত শিক্ষকসকলে নিজকে প্ৰস্তুত কৰা উচিত তথা সক্ষম হ'ব লাগিব ৷ তেখেতসকলে শিশুৰ অধিকাৰ সন্দৰ্ভত জনাৰ উপৰিও সমাজত এই সন্দৰ্ভত সজাগতা আনিবলৈ আৰু শ্ৰেণীত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলে নিজকে তেনেকৈ অনুভব কৰিব পাৰে, সেই বিষয়ত সক্ষম হ'ব লাগিব ৷ সেয়েহে ডি,এল,এড পাঠ্যক্ৰমত শিশু সুৰক্ষা বিষয়টো অন্তৰ্ভুক্ত কৰাটো নিত্যান্তই অপৰিহাৰ্য আৰু শিক্ষকে যাতে ইয়াক জ্ঞাত হয় আৰু বিদ্যালয়  তথা সমাজত শিশু বন্ধুত্ব সূলভ পৰিবেশৰ বিকাশ ঘটে ৷ সফল বিদ্যালয় দূৰ্যোগ ব্যৱস্থাপনা আৰু বিদ্যালয় নিৰাপত্তাৰ বাবে বিস্তৃত বিদ্যালয় নিৰাপত্তা আৰু সুৰক্ষাৰ বিষয়টো অন্য এক গুৰুত্বপূৰ্ণ ৷ সম্ভাৱনাপূৰ্ণ শিক্ষকসকলৰ এটা সাধাৰণ জ্ঞানৰ লগতে বিদ্যালয়ত দূৰ্যোগ  প্ৰশমন হৃাস কৰণৰ ক্ষেত্ৰত প্ৰয়োজনীয় প্ৰস্তুতিৰ বিষয়টো এই চিন্তাৰ উদ্দেশ্য ৷ শিশুসকল যাতে যিমান সম্ভৱ নিৰাপত্তা নিশ্চিত কৰা আৰু শিক্ষাৰ অধিকাৰ উপভোগ কৰাটো দৰকাৰ ৷ বিদ্যালয়বিলাক যাতে শিকন থলীতকৈ উৰ্দ্ধত থকাটো প্ৰয়োজন ৷

দূৰ্যোগৰ পিচত শিক্ষা সেৱা পুনৰুদ্ধাৰ কৰা আৰু নতুনকৈ বিদ্যালয় খোলা কাৰ্যই সমাজত প্ৰাক  অভাৱনীয় নিয়মমাফিক কাৰ্য পুনৰুদ্ধাৰৰ ক্ষেত্ৰত অনবদ্য ভূমিকা গ্ৰহণ কৰে ৷

ফলাফল/প্ৰভাৱ :

  • ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদৰ ২০১৪ নিৰ্দেশনাৱলীৰ ভিত্তি কৰি ডি,এল,এড পাঠ্যক্ৰমৰ পুন:  সংশোধন ৷ নতুন পাঠ্যক্ৰমত এন,চি,টি,ইৰ নিৰ্দেশনা ২০১৪ৰ লেখীয়া শিশু অধিকাৰ, দূৰ্যোগ  ব্যৱস্থাপনা আৰু  প্ৰশমন আৰু বিদ্যালয় সুৰক্ষা, যোগ শিক্ষা আদিৰ সংযোজন ৷
  • কৰ্ত্তৃত্বশীল প্ৰাধিকাৰীৰ অনুমোদনৰ সৈতে পৰৱৰ্ত্তী শিক্ষা বৰ্ষৰ পৰা এই পাঠ্যক্ৰম প্ৰয়োগৰ ব্যৱস্থা হ'ব ৷

শিক্ষকৰ বাবে প্ৰশিক্ষণ প্ৰয়োজনীয়তা বিশ্লেষণ আহিলা প্ৰস্তুত কৰা :

শিক্ষকৰ বাবে প্ৰশিক্ষণ যুক্তিসংগত হ'ব লাগে আৰু বৰ্তমানৰ দক্ষতা পৰ্যায় বৃদ্ধিৰে তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা হোৱা উচিত ৷ এটা নিৰ্দিষ্ট তন্ত্ৰত থকা সকলো শিক্ষকৰ প্ৰশিক্ষণ আৰু  দক্ষতা বিকাশৰ বাবে প্ৰয়োজনীয় সকলো তথ্য প্ৰশিক্ষণ প্ৰয়োজনীয়তা বিশ্লেষনে যোগান ধৰে ৷ আগন্তুক বৰ্ষৰ প্ৰশিক্ষণ পৰিকল্পনাৰ সমগ্ৰ তথ্য তথা ই প্ৰশিক্ষণ পৰিকল্পনাৰ এক মুখ্য পদক্ষেপ তন্ত্ৰই যোগান ধৰে ৷ ই যোগান ধৰে :

  • জ্ঞান, দক্ষতা আৰু ৰাপৰ বৰ্তমান আৰু প্ৰয়োজনীয় পৰ্যায়ৰ যি ঘাটি তাক বাচি উলিওৱা
  • প্ৰশিক্ষণৰ সাধাৰণ বিষয়বস্তু কেনে হোৱা উচিত তাক বাচি উলিওৱা
  • প্ৰশিক্ষণ পৰিকল্পনাৰ আধাৰ গঠন কৰা
  • প্ৰশিক্ষণ পৰিকল্পনাৰ মূল্যায়নৰ ভিত্তিৰেখা যোগান ধৰা
  • সঠিক আৰু সময় উপযোগী প্ৰশিক্ষণ প্ৰদানৰ নিশ্চিতি
  • সমলৰ সৰ্বাধিক ব্যৱহাৰ

প্ৰশিক্ষণ প্ৰয়োজনীয়তা বিশ্লেষণৰ লাভালাভ :

  • গুণগত কাৰ্যকৰণ লক্ষ্য চিনাক্তকৰণ আৰু এই লক্ষ্য শিক্ষকে আহৰণ কৰিবলৈ প্ৰয়োজনীয় জ্ঞান, দক্ষতা আৰু সক্ষমতা বাচি উলিওৱা
  • জিলা, খণ্ড আৰু মণ্ডল অনুযায়ী বিদ্যালয়বোৰৰ প্ৰশিক্ষণৰ ঘাটি চিনাক্তকৰণ
  • পোনপটীয়া সমল যোগানৰ ক্ষেত্ৰত সাহায্য হৈছে সৰ্বোত্তম প্ৰাধান্যতা
  • গুণগত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত প্ৰয়োজনীয় সমলসমূহৰ নিৰ্দেশনা

ফলাফল/প্ৰভাৱ :

  •  প্ৰয়োজনীয়তা বিশ্লেষণে শিক্ষকক নিম্নোক্ত প্ৰশ্নৰ সমাধান আগবঢ়ায় :
  • সমস্যা কি? এইটো প্ৰশিক্ষণ সম্পৰ্কীয় সমস্যানে?
  • মূল দক্ষতা ফাঁক/ঘাটিসমূহ কি?
  • কিমান শিক্ষকক প্ৰশিক্ষণৰ প্ৰয়োজন?
  • সময়সূচী/জটিল সময়সূচীৰ নিৰ্দ্ধাৰিত তাৰিখ কি?
  • শিক্ষকসকলক ৰেহাই দিয়াৰ সঠিক সময় কেতিয়া?
  • ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে শিক্ষকসমূহৰ প্ৰশিক্ষণ প্ৰয়োজনীয়তা বাচি উলিওৱাৰ কাম হাতত লৈছে ৷ এই সকলোবোৰ শিক্ষক প্ৰশিক্ষণত প্ৰয়োজনসমূহ বিশ্লেষণ কৰি প্ৰয়োজনভিত্তিক প্ৰশিক্ষণ আঁচনি প্ৰস্তুত কৰিব ৷