মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ

ইতিহাস

  • SCERT

    এন.চি.আৰ.টিৰ আৰ্হিত গঠন কৰা এছ.চি.আৰ.টিয়ে ১৯৮৫ চনৰ পৰাই ৰাজ্যখনৰ বিদ্যালয় শিক্ষা আৰু শিক্ষক শিক্ষাৰ গুণগত মান উন্নত কৰাৰ স্বাৰ্থত কাম কৰি আছে। আৰম্ভণিৰ পৰা এতিয়ালৈকে এছ.চি.আৰ.টিৰ কাৰ্য পৰিসৰ ব্যাপকভাৱে বৃদ্ধি পাইছে বিশেষকৈ শিক্ষাৰ অধিকাৰ আইন ২০০৯ত এছ.চি.আৰ.টিক ৰাজ্যত শৈক্ষিক কৰ্তৃত্ব হিচাপে উল্লেখ কৰা পাছত ইয়াৰ দায়িত্ব পূৰ্বতকৈ বহু পৰিমাণে বৃদ্ধি পায়। সেই সূত্ৰে এছ.চি.আৰ.টিয়ে ৰাষ্ট্ৰীয় পাঠ্যপুথি ৰূপৰেখাত উল্লেখিত ধৰণে প্ৰাথমিক স্তৰৰ বিদ্যালয়সমূহৰ বাবে সকলো মাধ্যমত পাঠ্যপুথি প্ৰস্তুত কৰিছে লগতে শিক্ষক শিকনৰো পাঠ্যক্ৰম প্ৰস্তুত কৰি উলিয়াইছে। শিক্ষাৰ অধিকাৰ আইনৰ ২০০৯ৰ ২৩নং ধাৰাত উল্লেখিত থকাৰ ধৰণে এছ.চি.আৰ.টিয়ে ৰাজ্যখনত শিক্ষক শিকন প্ৰক্ৰিয়াৰ গুণগত উন্নয়নৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে। এছ.চি.আৰ.টিয়ে ৰাজ্যখনৰ শৈক্ষিক খণ্ডৰ বিভিন্ন সমস্যালানিৰ ওপৰত সময়ে সময়ে গৱেষণা অথবা সমীক্ষাৰ জৰিয়তে সমল সংগ্ৰহ কৰি এইবোৰৰ সমাধানৰ উদ্দেশ্যে কাম কৰি আছে। লগতে এনে সমলসমূহৰ সহায়ত ৰাজ্যখনত কৰ্মৰত শিক্ষক প্ৰশিক্ষকসকলৰ পেছাদাৰিত্ব বিকাশৰ ক্ষেত্ৰতো এছ.চি.আৰ.টিয়ে কাম কৰিছে।
    অসম চৰকাৰৰ ১৯৮৫ চনৰ ২৯ মাৰ্চ তাৰিখত জাননী ক্ৰম নং AR.87/84/1  অনুসৰি নিম্নোল্লেখিত গোটসমূহক এছ.চি.আৰ.টি সঞ্চালকালয়ৰ সৈতে সংযুক্ত কৰা হয় –

    • ৰাজ্যিক শিক্ষা সংস্থা, যোৰহাট (SIE)
    • ৰাজ্যিক বিজ্ঞান শিক্ষা সংস্থা, গুৱাহাটী (SISE)
    • শৈক্ষিক প্ৰযুক্তিবিদ্যা কোষ (E.T. Cell), গুৱাহাটী
    • শৈক্ষিক আৰু বৃত্তিমূলক পৰামৰ্শদান ব্যুৰোত, যি ডি.পি.আই. কাৰ্যালয়ৰ সৈতে সংলগ্নিত, কাহিলীপাৰা।

    এছ.চি.আৰ.টিয়ে নিজস্ব কাৰ্যসূচীৰ উপৰিও ৰাজ্যখনত শৈক্ষিক খণ্ডত কৰ্মৰত বিভিন্ন সংগঠন, অনুষ্ঠান, প্ৰতিষ্ঠান আদিৰ সৈতে শৈক্ষিক উন্নয়নৰ বাবে প্ৰয়োজনীয় সমন্বয় আৰু যোগাযোগ ৰক্ষা কৰি কাম কৰি আছে। এছ.চি.আৰ.টি স্থাপনৰ পাছতেই প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ তত্বাৱধানত থকা নৰ্মেল স্কুল আৰু বি.টি.চিকে ধৰি সকলো শিক্ষক শিকন সংস্থাসমূহৰ প্ৰশাসনীয় দিশটো এছ.চি.আৰ.টিৰ অধীনস্থ কৰা হয়। আনহাতে, বি.এড মহাবিদ্যালয়সমূহ আৰু হিন্দী শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰসমূহ যি পূৰ্বতে উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনস্থ আছিল, সেইবোৰকো ১৯৯১-৯২ বৰ্ষত এছ.চি.আৰ.টিৰ অধীনলৈ অনা হয়। ২০০৩ বৰ্ষৰ এক চৰকাৰী জাননী অনুসৰি প্ৰশাসনিক সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এছ.চি.আৰ.টিৰ সাংগঠনিক গোটসমূহক যেনে- এছ.আই.ই.এছ.আই.এছ.ই আৰু ই.টি. চেল আদিক সম্পূৰ্ণৰূপে এছ.চি.আৰ.টিৰ সৈতে সংযুক্ত কৰা হৈছে। অৱশ্যে পূৰ্বতে এছ.চি.আৰ.টিৰ অধীনস্থ শৈক্ষিক আৰু বৃত্তিমূলক পৰামৰ্শদান ব্যুৰোক পিছলৈ উচ্চতৰ শিক্ষা সঞ্চালকালয়ে অধীনলৈ অনা হয়।