ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমলৈ ইউনিচেফৰ সহযোগিতা - ২০১৭
প্ৰস্তাৱনা:
জন্মলগ্নৰে পৰা বিভিন্ন সময়সূচীৰে প্ৰাক নিযুক্তিকালীন আৰু আন্ত:নিযুক্তিকালীন বিভিন্ন শিক্ষক প্ৰশিক্ষণ অনুষ্ঠিত কৰি অহা ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসম ৰাজ্যখনৰ বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত এক চূড়ান্ত শৈক্ষিক গোট ৷ ই শিক্ষক প্ৰস্তুতিৰ গুণগত মান নিশ্চিত কৰা এক প্ৰতিষ্ঠান ৷ বিগত ২০১৭ বৰ্ষত ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে ইউনিচেফৰ সহযোগিতাত গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷
মুক্ত ও দূৰ শিকনৰ জৰিয়তে ২ বছৰীয়া ডি এল এড পাঠ্যক্ৰম :
ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসম হৈছে ৰাজ্যখনত জন্মলগ্নৰে পৰা বিভিন্ন সময়সূচীৰে প্ৰাক নিযুক্তিকালীন আৰু আন্ত:নিযুক্তিকালীন বিভিন্ন শিক্ষক প্ৰশিক্ষণ অনুষ্ঠিত কৰি আহি বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত এক চূড়ান্ত শৈক্ষিক গোটৰ ভূমিকা পালন কৰি আহিছে ৷ অপ্ৰশিক্ষিত শিক্ষকক মুক্ত ও দূৰ শিকনৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে সম্পূৰ্ণ আহৰণ কৰা ইয়াৰ পূৰ্ব অভিজ্ঞতা, মানব শক্তি আৰু সকলো প্ৰান্ততে সিঁচৰিত হৈ থকা আনুষ্ঠানিক যোগাযোগ ব্যৱস্থাৰে ২ বছৰীয়া ডি.এল.এড. পাঠ্যক্ৰমৰ গুৰি ধৰিছে ৷ ৰাজ্যখনত সিঁচৰিত হৈ থকা বিভিন্ন শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জৰিয়তে ২ বছৰীয়া ডি.এল.এড. কাৰ্যসূচীৰ ক্ষেত্ৰত ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে আগ ভাগ লৈছে ৷
মুক্ত ও দূৰ শিকন (ODL) শিক্ষকৰ প্ৰশিক্ষণ ক্ষেত্ৰত আবশ্যম্ভাৱী, যিহেতু এক নগন্য সংখ্যক শিক্ষকহে প্ৰশিক্ষণপ্ৰাপ্ত লগতে অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলৰ প্ৰশিক্ষণ গ্ৰহণৰ বাবে পাব পৰা সূযোগ নিচেই সীমিত ৷ মুক্ত ও দূৰ শিকনৰ যোগে ডি.এল.এড. প্ৰদানৰ ব্যৱস্থাই হৈছে একমাত্ৰ সম্ভৱপৰ উপায়, যিহেতু ই এক সুগম ব্যৱস্থা আৰু লগতে নমনীয় ৷ এই নমনীয়তা শিক্ষকসকলক পেচাগত/ বৃত্তিগত পাঠ্যক্ৰম লাভ কৰাৰ ক্ষেত্ৰত সূযোগ প্ৰদান কৰিছে আৰু তেনেকৈ ই গুনগত শিক্ষাৰ প্ৰসাৰণত অৰিহনা আগবঢ়াইছে ৷ গোটেই ৰাজ্যতে এক বুজন সংখ্যক শিক্ষকে বৃত্তিগত অৰ্হতা লাভ কৰাৰ ক্ষেত্ৰত পিচপৰি আছিল ৷ মুক্ত ও দূৰ শিকনে শিক্ষকৰ বৃত্তিগত বিকাশৰ ক্ষেত্ৰত সুযোগৰ ব্যৱস্থাই ব্যাপক অবদান আগবঢ়াইছে ৷ অসম চৰকাৰে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসমৰ জৰিয়তে আৰু ইউনিচেফ অসমৰ সহযোগিতাত প্ৰাথমিক শিক্ষাৰ ডিপ্ল'মা অৰ্থাৎ ডি.এল.এড. পাঠ্যক্ৰম মুক্ত ও দূৰ শিকনৰ যোগেদি কৰিবলৈ যাওঁতে তলত উল্লেখিত কাৰ্যব্যৱস্থাসমূহ গ্ৰহণ কৰিছিল:
ফলাফল/প্ৰভাৱ :
গোটেই প্ৰক্ৰিয়াটো ত্বৰান্বিত হয় আৰু কাৰ্যক্ৰমটোৱে এক নতুন গতি লাভ কৰে ৷
ৰাষ্ট্ৰীয় শিক্ষকৰ শিক্ষা পৰিষদৰ নিৰ্দ্দেশনা, ২০১৪ অনুযায়ী ডি. এল. এড. পাঠ্যক্ৰমৰ পৰ্যালোচনা
বিগত শতিকাতকৈ আজিৰ দিনত শিক্ষকৰ শিক্ষা খুবেই প্ৰয়োজনীয় ৷ শিক্ষানীতি আৰু ব্যৱস্থাৰ দিশত মূলগতভাবে শিক্ষাৰ ক্ষেত্ৰত পৰিবৰ্ত্তিত হৈছে আৰু বিদ্যালয়বোৰৰ প্ৰয়োজনীয়তা তথা উন্নতিৰ দৌৰৰ লগতে খাপ খুৱাবলৈ শিক্ষক প্ৰস্তুতিৰ কাৰ্যসূচীৰ প্ৰয়োজন হৈছে ৷ তাৰেই পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদৰ নিৰ্দেশনা, ২০১৮ অনুসৰি ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে ডি.এল.এড. পাঠ্যক্ৰমৰ পৰ্যালোচনা কৰ্মশালাৰ আয়োজন কৰা হৈছে ৷
নিৰ্দেশনাই ইয়াকে কৈছে যে- " শৈশৱৰ অধ্যায়ন, শিক্ষাৰ সামাজিক প্ৰসংগ, বিষয় জ্ঞান, শিক্ষন বিজ্ঞান সম্বন্ধীয় জ্ঞান, শিক্ষাৰ লক্ষ আৰু যোগাযোগৰ কৌশল আদিৰে সমন্বিতভাবে ডি. এল. এড. কাৰ্যসূচী ৰূপ দিব লাগে ৷ এই কাৰ্যসূচীত বাধ্যতামূলক আৰু ইচ্ছাধীন তত্ব বিষয়ক পাঠ, বাধ্যতামূলক ব্যৱহাৰিক বিষয় আৰু বাধ্যতামূলক বিদ্যালয় ভিত্তিক ইন্টাৰ্নশ্বিপ থকা উচিত ৷
তত্ব বিষয়ক পাঠ আৰু ব্যৱহাৰিক বিষয়ৰ সাঁজোন এটা নিৰ্দ্দিষ্ট অনুপাতত থকাটো উচিত আৰু ইয়াক অনুমোদিত গোট/দলে নিৰ্দ্ধাৰণ কৰে ৷ শিক্ষকৰ শিক্ষাৰ ৰাষ্ট্ৰীয় কাৰিকুলাম আধাৰৰ বিস্তৃত নিয়মাবলীৰ আওঁতাৰ মাজত থাকি নিজ ৰাজ্য অথবা অঞ্চলৰ বাবে গ্ৰহণ কৰিবলগীয়া দিশ কৰিকুলামত প্ৰতিফলিত হোৱা উচিত ৷ তথ্য সৰবৰাহ প্ৰযুক্তি (ICT) যোগ শিক্ষা আৰু বিশেষভাৱে সক্ষমসকলৰ বাবে শিক্ষা পাঠ্যক্ৰমৰ অখণ্ড অংশ হোৱা উচিত ৷"
বিদ্যালয়ৰ বাবে শিশু বন্ধুত্ব সূলভ শিক্ষকৰ প্ৰয়োজন আৰু এনেধৰণৰ শিক্ষক প্ৰস্তুত কৰাৰ দায়িত্ব শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ ৷ অবহেলিত, অপব্যৱহৃত, সংঘৰ্ষ পীড়িত আৰু শোষিত শিশুসকলক কেনেদৰে চম্ভালিব, সেই সন্দৰ্ভত শিক্ষকসকলে নিজকে প্ৰস্তুত কৰা উচিত তথা সক্ষম হ'ব লাগিব ৷ তেখেতসকলে শিশুৰ অধিকাৰ সন্দৰ্ভত জনাৰ উপৰিও সমাজত এই সন্দৰ্ভত সজাগতা আনিবলৈ আৰু শ্ৰেণীত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলে নিজকে তেনেকৈ অনুভব কৰিব পাৰে, সেই বিষয়ত সক্ষম হ'ব লাগিব ৷ সেয়েহে ডি,এল,এড পাঠ্যক্ৰমত শিশু সুৰক্ষা বিষয়টো অন্তৰ্ভুক্ত কৰাটো নিত্যান্তই অপৰিহাৰ্য আৰু শিক্ষকে যাতে ইয়াক জ্ঞাত হয় আৰু বিদ্যালয় তথা সমাজত শিশু বন্ধুত্ব সূলভ পৰিবেশৰ বিকাশ ঘটে ৷ সফল বিদ্যালয় দূৰ্যোগ ব্যৱস্থাপনা আৰু বিদ্যালয় নিৰাপত্তাৰ বাবে বিস্তৃত বিদ্যালয় নিৰাপত্তা আৰু সুৰক্ষাৰ বিষয়টো অন্য এক গুৰুত্বপূৰ্ণ ৷ সম্ভাৱনাপূৰ্ণ শিক্ষকসকলৰ এটা সাধাৰণ জ্ঞানৰ লগতে বিদ্যালয়ত দূৰ্যোগ প্ৰশমন হৃাস কৰণৰ ক্ষেত্ৰত প্ৰয়োজনীয় প্ৰস্তুতিৰ বিষয়টো এই চিন্তাৰ উদ্দেশ্য ৷ শিশুসকল যাতে যিমান সম্ভৱ নিৰাপত্তা নিশ্চিত কৰা আৰু শিক্ষাৰ অধিকাৰ উপভোগ কৰাটো দৰকাৰ ৷ বিদ্যালয়বিলাক যাতে শিকন থলীতকৈ উৰ্দ্ধত থকাটো প্ৰয়োজন ৷
দূৰ্যোগৰ পিচত শিক্ষা সেৱা পুনৰুদ্ধাৰ কৰা আৰু নতুনকৈ বিদ্যালয় খোলা কাৰ্যই সমাজত প্ৰাক অভাৱনীয় নিয়মমাফিক কাৰ্য পুনৰুদ্ধাৰৰ ক্ষেত্ৰত অনবদ্য ভূমিকা গ্ৰহণ কৰে ৷
ফলাফল/প্ৰভাৱ :
শিক্ষকৰ বাবে প্ৰশিক্ষণ প্ৰয়োজনীয়তা বিশ্লেষণ আহিলা প্ৰস্তুত কৰা :
শিক্ষকৰ বাবে প্ৰশিক্ষণ যুক্তিসংগত হ'ব লাগে আৰু বৰ্তমানৰ দক্ষতা পৰ্যায় বৃদ্ধিৰে তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা হোৱা উচিত ৷ এটা নিৰ্দিষ্ট তন্ত্ৰত থকা সকলো শিক্ষকৰ প্ৰশিক্ষণ আৰু দক্ষতা বিকাশৰ বাবে প্ৰয়োজনীয় সকলো তথ্য প্ৰশিক্ষণ প্ৰয়োজনীয়তা বিশ্লেষনে যোগান ধৰে ৷ আগন্তুক বৰ্ষৰ প্ৰশিক্ষণ পৰিকল্পনাৰ সমগ্ৰ তথ্য তথা ই প্ৰশিক্ষণ পৰিকল্পনাৰ এক মুখ্য পদক্ষেপ তন্ত্ৰই যোগান ধৰে ৷ ই যোগান ধৰে :
প্ৰশিক্ষণ প্ৰয়োজনীয়তা বিশ্লেষণৰ লাভালাভ :
ফলাফল/প্ৰভাৱ :
Title | Size | Detail |
---|---|---|
Annual Report - UNICEF Support to SCERT | 2.12 MB | |
Case Study 1 Barpeta | 509.67 KB | |
Case Study 2 Nalbari | 529.89 KB | |
Case Study 3 Karimganj | 642.82 KB | |
Case Study 4 Lakhimpur | 430.27 KB | |
Case Study 5 Lakhimpur | 582.12 KB | |
Case Study 6 Goalpara | 728.58 KB | |
Handbook on Performance Appraisal Record for Teachers | 1.46 MB | |
Case Study 1 Leadership Matters.pdf | 883.61 KB | |
Case Study 2 Inclusive Education.pdf | 875.86 KB | |
Case Study 3.pdf | 838.58 KB | |
Case Study 4 IE Handbook Nalbari DIET.pdf | 1.12 MB | |
Case Study 5 Inclusive Education and its Handbook.pdf | 802.56 KB | |
Case Study 6 Reflective Practice.pdf | 755.93 KB | |
Case Study 7 Multi Grade Multi Level Teaching Learning Constructing Knowledge.pdf | 1.05 MB | |
Case Study 8 Connecting Theory and Practice in Teacher Education.pdf | 484.83 KB | |
Case Study 9 Inclusion from NS to School.pdf | 827.7 KB |