মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ

আমাৰ কাৰ্য্য়সমূহ

পাঠ্যক্ৰম আৰু শিক্ষণ সমল প্ৰস্তুতকৰণ বিভাগ

অন্যান্য বছৰৰ দৰে ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ পাঠ্যক্ৰম আৰু শিক্ষন সমল প্ৰস্তুতকৰণ 

বিভাগে ২০১৮-১৯ চনত তলত উল্লেখ কৰা কাৰ্যাৱলী (২০১৮-১৯) চনত সমাপন কৰে -

১)         পাঠ্যপুথি পুনৰীক্ষন:

            ক) প্ৰথম ভাষা (অসমীয়া) ১ম শ্ৰেণীৰ পৰা সপ্তম মান শ্ৰেণীলৈ সৰ্বমুঠ ৭ খন পাঠ্যপুথি

            খ) পৰিৱেশ অধ্যয়ন তৃতীয় শ্ৰেণীৰ পৰা ৫ম মান শ্ৰেণীলৈ তিনিখন পুথি (মুঠ ১০ টা ভাষাৰ) 

            ১০ টা ভাষাত পুনৰীক্ষন কৰা হয় ৷ (সৰ্বমুঠ ৩০ খন কিতাপ)

            গ) ষষ্ঠ, সপ্তম আৰু অষ্টম মান শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথি ক্ৰমে- অসমীয়া, বঙালী, বড়ো, 

            ইংৰাজী  আৰু হিন্দী (মাধ্যম) পুণৰীক্ষন কৰা হয় ৷ (৩×৫= ১৫ খন পুথি)

            ঘ) দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ পুনৰীক্ষিত পাঠ্যপুথিৰ সংখ্যা হ'ল ৫৩ খন ৷

২)         পাঠ্যপুথিত সংযোজন কিউ,আৰ ক'ডৰ :

            অসম চৰকাৰৰ অনুমোদন আৰু নিৰ্দেশ অনুযায়ী নিম্ন'লিখিত পাঠ্যপুথিসমূহৰ কিছুমান পাঠত   কিউ,আৰ ক'ড সংযোজন কৰা হয় ৷ বিষয়বোৰ হ'ল-

  •             ক) গণিত – ৫ম শ্ৰেণী (অসমীয়া আৰু ইংৰাজী মাধ্যম) ৷
  •             খ) ইংৰাজী – ৫ম শ্ৰেণী ৷
  •             গ) সমাজ বিজ্ঞান – ষষ্ঠ, সপ্তম আৰু অষ্টম মান শ্ৰেণী  (অসমীয়া আৰু ইংৰাজী মাধ্যম) ৷
  •             ঘ) বিজ্ঞান – অষ্টম মান শ্ৰেণী  (অসমীয়া আৰু ইংৰাজী মাধ্যম) ৷

৩)        পাঠ্যপুথিসমূহত কিউ,আৰ ক'ড সংযোজন কৰা কাৰ্যৰ লগত সংগতি ৰাখি e-content প্ৰস্তুত কৰা হয় ৷ 

            সেই e-content সমূহ এলানি কৰ্মশালাৰ জৰিয়তে শিক্ষক, শিক্ষক প্ৰশিক্ষক, দক্ষ ব্যক্তিৰ সহায়ত 

            প্ৰস্তুত কৰা হয় ৷ সৰ্বশেষত সেই সমূহ দক্ষ ব্যক্তিৰ দ্বাৰা পুনৰীক্ষন কৰোৱাই DIKSHA ৰ Website ত Upload কৰাৰ ব্যৱস্থা কৰা হয় ৷

৪)         নতুন গণিত (তৃতীয় শ্ৰেণী)

গণিত আৰু বিজ্ঞান বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা নতুন গণিত তৃতীয় ভাগ ৯টা ভাষাত অভিযোজন কৰা হয় ৷

৫)         মুক্ত শৈক্ষিক সমল : 

অসম চৰকাৰৰ নিৰ্দেশমৰ্মে আৰু সমগ্ৰ শিক্ষাৰ আৰ্থিক সাহায্যত ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে নিম্নোক্ত বিষয়ত মুক্ত শৈক্ষিক সমল প্ৰস্তুত কৰে ৷ সেইকেইটা হ'ল- অসমীয়া, হিন্দী, ইংৰাজী, অংক, বিজ্ঞান, সমাজ বিজ্ঞান ৷ ইয়াৰ উপৰি এই মুক্ত শৈক্ষিক সমলসমূহ বিদ্যালয়সমূহত কেনেদৰে আদান-প্ৰদান কৰিব সেই সন্দৰ্ভটো 'প্ৰজ্ঞা' অনুষ্ঠানৰ জৰিয়তে গুৱাহাটী আকাশবাণীয়ে প্ৰচাৰৰ ব্যৱস্থা কৰে ৷

৬)        শিকন ফলাফল:

ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ, নতুন দিল্লীয়ে প্ৰকাশ কৰি উলিওৱা শিকন ফলাফল অসমীয়া ভাষালৈ অনুবাদ কৰাৰ অন্তত ২০১৮            বৰ্ষত বড়ো ভাষালৈ এলানি কৰ্মশালাৰ আয়োজন কৰি লিপ্যান্তৰ কৰা হয় ৷ ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ, নতুন দিল্লীয়ে শিক্ষকৰ বাবে             শিকন ফলাফল প্ৰস্তুত কৰাৰ উপৰি অভিভাৱকসকলৰ বাবেও প্ৰচাৰ পত্ৰিকা প্ৰকাশ কৰি                  উলিয়াইছিল ৷ সেয়েহে শিক্ষকৰ সমল পুথিৰ লগতে এই প্ৰচাৰ পত্ৰিকাসমূহো বড়ো ভাষালৈ অনুবাদ কৰা হৈছিল ৷ উপৰোক্ত কাৰ্যাৱলীৰ উপৰি এই বিভাগৰ শৈক্ষিক বিষয়াসকলে শিকন ফলাফলৰ ওপৰত প্ৰশিক্ষণ সমল প্ৰস্তুতকৰণ, দক্ষ ব্যক্তিৰ প্ৰশিক্ষণ আদি কাৰ্যৰ লগত জড়িত হৈছিল ৷ ইয়াৰ উপৰি 'প্ৰথম' আৰু 'দ্বিতীয়' পৰ্যায়ৰ গুণোৎসৱৰ বাবেও বিদ্যালয় পৰ্যায়ৰ বিভিন্ন বিষয়ৰ মূল্যায়ন আহিলা প্ৰস্তুতকৰণ কাৰ্যৰ লগতো জড়িত হয় ৷

৭)         শিক্ষক প্ৰশিক্ষণ মডিয়ুল প্ৰস্তুতকৰণ:

ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ নিৰ্দেশমৰ্মে এইবেলি শিক্ষণ শৈলী (pedagogy of learning), তথ্য আৰু যোগাযোগ প্ৰযুক্তি, শিকন ফলাফল আৰু শালাসিদ্ধিৰ ওপৰত প্ৰাথমিক পৰ্যায়ৰ শিক্ষকসকলক পাচ দিনীয়াকৈ প্ৰশিক্ষণ দিয়াৰ বাবে পৰিকল্পনা যুগুত কৰা হয় ৷ সেই পাচদিনীয়া শিক্ষক-প্ৰশিক্ষণ কাৰ্য সুকলমে পৰিচালনা কৰিবলৈ দক্ষ প্ৰশিক্ষক প্ৰস্তুতিৰ প্ৰয়োজন আহি পৰে ৷ সেই মৰ্মে দক্ষ ব্যক্তিসকলৰ  বাবে উক্ত বিষয়সমূহত এলানি কৰ্মশালাৰ জৰিয়তে প্ৰশিক্ষণ সমল প্ৰস্তুত কৰা হয় ৷ সমল প্ৰস্তুতকৰণৰ অন্তত সমগ্ৰ ৰাজ্যৰ প্ৰায় ১৫০ গৰাকী দক্ষ ব্যক্তিসকলক এই সমলটোৰ ওপৰত প্ৰশিক্ষণ দিয়া হয় ৷

৮)        অন্যান্য ক্ৰিয়াকলাপ:

           ক) উপৰোক্ত কাৰ্যসমূহ সম্পন্ন কৰাৰ উপৰি এই বিভাগৰ তত্বাবধানত ২০১৯ শিক্ষাবৰ্ষৰ বাবে শৈক্ষিক  দিনপঞ্জী আৰু পাঠ্যপুথিৰ সামগ্ৰিক তালিকাও প্ৰস্তুত কৰা হয় ৷

           খ) প্ৰচলিত প্ৰাথমিক পৰ্যায়ৰ পাঠ্যক্ৰমখন বাস্তৱসন্মত তথা নতুন নতুন চিন্তা ধাৰাৰ লগত ৰজিতা 

খুৱাই প্ৰস্তুত কৰিবৰ অৰ্থে প্ৰাথমিক স্তৰৰ পাঠ্যক্ৰমত সাম্প্ৰতিক সময়ৰ উদীয়মান দিশৰ অন্তৰ্ভুক্তি সন্দৰ্ভত ৰাজ্যিক ভিত্তিত পৰামৰ্শমূলক আলোচনা (State Consultative Meet for revisiting the State Curricular of Elementary Stage in the light of emerging issues)ৰ ব্যৱস্থা কৰা হয় ৷ উক্ত কৰ্মশালা নবেম্বৰ মাহৰ ১৪ তাৰিখৰ পৰা ১৭ নবেম্বৰলৈ হোটেল ডি ক'ৰ্টয়াৰ্ডত অনুষ্ঠিত কৰা হয় ৷ উক্ত কৰ্মশালাত ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ, নতুন দিল্লী, ৰাষ্ট্ৰীয় জনসহযোগ আৰু শিশু বিকাশ সংস্থা, স্বাস্থ্য সঞ্চালকালয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা দক্ষ ব্যক্তিসকলক আহি এই কৰ্মশালাত অংশ গ্ৰহণ কৰিবলৈ অহা ব্যক্তি সকলক বিভিন্ন ক্ষেত্ৰৰ দিশ সম্পৰ্কে অৱগত কৰায় ৷

গ) ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ সঞ্চালক মহোদয়াৰ নিৰ্দেশক্ৰমে ২৪ চেপ্তেম্বৰ ২০১৮ তাৰিখে নতুনকৈ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ কলা শিক্ষাৰ প্ৰবক্তা হিচাপে নিযুক্ত হোৱা কেইগৰাকীমান প্ৰবক্তাৰ বাবে বৰ্তমান কলা শিক্ষাৰ স্থিতি তথা অগ্ৰবৰ্তী প্ৰক্ৰিয়া  সম্পৰ্কে এদিনীয়া কৰ্মশালাৰ আয়োজন কৰা হয় ৷ এই কৰ্মশালাত কলা শিক্ষাৰ শ্ৰী কিশোৰ দাস, জ্যেষ্ঠ প্ৰবক্তা, ডায়েট মৰিগাওঁ আৰু শ্ৰী কমল কুমাৰ মহন্ত, প্ৰবক্তা, ডায়েট কামৰূপ সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৷ আনহাতে, ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ তৰফৰ পৰা ড অজন্তা ব্ৰহ্মা, ড০ সুস্মিতা সুত্ৰধৰ দাস, ড০ চাজিদা বেগম আৰু শ্ৰীশংকৰ কলিতা উপস্থিত থাকি কৰ্মশালাখন সুকলমে আগবঢ়াই লৈ যোৱাত সহায় কৰে ৷

২০১৯-২০ ৰ কাৰ্যকলাপ:

            নিম্নোল্লিখিত পাঠ্যপুথিসমূহ পুনৰীক্ষন কৰাৰ কাম হাতত লোৱা হৈছে -

  •             ক) সাহিত্য কৰণী ১ম, ২য় আৰু ৩য় ভাগ ৷
  •             খ) সমাজ বিজ্ঞান ১ম, ২য় আৰু ৩য় ভাগ (গাৰো, মণিপুৰী, নেপালী)৷

         ইয়াৰ উপৰি 'নতুন পাঠ' সপ্তম মান শ্ৰেণী আৰু নতুন গণিত আৰু Beginners’ Englishৰ ষষ্ঠ, সপ্তম আৰু অষ্টম মান শ্ৰেণীৰ নকৈ প্ৰস্তুতকৰণৰ কাম চলি আছে ৷

সমাজ বিজ্ঞান বিভাগ

SST

২০১৮-২০১৯ বৰ্ষত সম্পন্ন হোৱা সমাজ বিজ্ঞান বিভাগৰ কাৰ্যাৱলীসমূহ

নিম্নলিখিত কাৰ্যসমূহ সমাজ বিজ্ঞান বিভাগৰ দ্বাৰা ২০১৮-২০১৯ বৰ্ষত পাঠ্যক্ৰম আৰু পাঠ্যপুথি প্ৰস্তুতকৰণ (CMD) বিভাগৰ সহযোগত সম্পন্ন কৰা হয় ৷ সেইবোৰ হ'ল -

১৷ ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ অসমীয়া, বঙালী, বড়ো, ইংৰাজী আৰু হিন্দী মাধ্যমৰ সমাজ

বিজ্ঞান পাঠ্যপুথিসমূহৰ পুনৰীক্ষণ ৷

২ ৷ গুণোৎসৱ আৰু ৰাষ্ট্ৰীয় সাফল্য জৰীপৰ আধাৰত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পেশাগত উত্তৰণৰ অৰ্থে সমাজ বিজ্ঞান বিষয়ৰ ৫-দিনীয়া নিযুক্তিকালীন শিক্ষক প্ৰশিক্ষণৰ মডিয়ুল প্ৰস্তুতকৰণ ৷

৩ ৷ প্ৰাথমিক পৰ্যায়ৰ শিক্ষকৰ পেশাগত উত্তৰণৰ অৰ্থে সমাজ বিজ্ঞানৰ মুখ্য সমল ব্যক্তিৰ প্ৰশিক্ষণ ৷

৪ ৷ ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈ সমাজ বিজ্ঞান বিষয়ৰ অসমীয়া আৰু ইংৰাজী মাধ্যমৰ পাঠ্যপুথিত QR Code ৰ সংযোজন ৷

৫ ৷ QR Code সংযোজিত পাঠসমূহৰ বাবে e-content প্ৰস্তুতকৰণ ৷

৬ ৷ সমাজ বিজ্ঞান বিষয়ৰ পাঠ্যপুথিৰ বাবে ২৬ টা মুক্ত শৈক্ষিক সমল প্ৰস্তুতকৰণ ৷(প্ৰথম পৰ্যায়- ৫, দ্বিতীয় পৰ্যায়- ৫, তৃতীয় পৰ্যায়- ৪, চতুৰ্থ পৰ্যায়- ১২) ৷

৭ ৷ অঁনাতাৰ কেন্দ্ৰৰ দ্বাৰা পৰিচালিত আৰু সম্প্ৰচাৰিত 'প্ৰজ্ঞা' আঁচনিত সমাজ বিজ্ঞান বিষয়ৰ সমল ব্যক্তি হিচাপে অংশগ্ৰহণ ৷

দূৰ শিক্ষা বিভাগ আৰু শিক্ষা প্ৰযুক্তিবিদ্যা

ICT

শিক্ষাত ICT সংযোজনৰ বাবে ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদঅসমে ২০১৭ চনৰ পৰাগ্ৰহন কৰি অহা  কিছু পদক্ষেপ -

২০১৭:   

  • শিক্ষকসকলৰ বাবে শিক্ষাত ICT সংযোজন বিষয়ক প্ৰশিক্ষণ, কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷
  • ৰাজ্যখনত বিদ্যালয় পৰ্যায়ৰ পাঠ্যক্ৰমৰ ভিত্তিত শৈক্ষিক Video আৰু মোবাইল এপ বনোৱা হয় ৷
  • অসম চৰকাৰৰ e-prastuti প্ৰকল্পৰ অধীনত ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ standardized website প্ৰস্তুত কৰা হয় ৷ 
  • অসম প্ৰশাসনিক মহাবিদ্যালয়ৰ IT বিভাগ, প্ৰাথমিক শিক্ষা বিভাগ, সাংস্কৃতিক পৰিক্ৰমা বিভাগত অসম চৰকাৰৰ e-prastuti প্ৰকল্পৰ অধীনত standardized website প্ৰস্তুত কৰিবৰ বাবে extension service প্ৰদান কৰা হয় ৷

২০১৮:

১) শিক্ষক আৰু শিক্ষক প্ৰশিক্ষকৰ বাবে শিক্ষাত ICT সংযোজন, e-content তৈয়াৰ কৰা আৰু D.El.Ed. পাঠ্যক্ৰমত ICT সংযোজন বিষয়ক প্ৰশিক্ষণ, কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷ 

২) শিক্ষক আৰু শিক্ষক প্ৰশিক্ষকৰ দ্বাৰা e-content প্ৰস্তুত কৰা হয় ৷ 

৩) Energized textbook প্ৰস্তুত কৰা হয় ৷ 

৪) শ্ৰেণী অনুযায়ী বিষয়ভিত্তিক মুক্ত শৈক্ষিক সমল প্ৰস্তুত কৰা হয় ৷

৫) “QR Code – e-prastuti standardized website“ নামেৰে এখন কিতাপ প্ৰস্তুত কৰি প্ৰকাশ কৰা হয় ৷

৬) স্কুলীয়া শিক্ষা আৰু শিক্ষকৰ শিক্ষাৰ লগত জড়িত বিষয়বস্তুৰ ওপৰত EDUSAT ৰ যোগেদি শিক্ষক আৰু শিক্ষা প্ৰতিষ্ঠানসমূহৰ লগত Video Conference অনুষ্ঠিত কৰা হয় ৷

৭) শিক্ষাত ICT সংযোজন বিষয়ত শিক্ষক প্ৰশিক্ষণৰ বাবে Training module প্ৰস্তুত কৰা হয় ৷

  ২০১৯ :

১) প্ৰাথমিক পৰ্যায়ৰ ১১ খন পাঠ্যপুথি Energized textbook কৰি বিদ্যালয়সমূহত প্ৰচলন কৰা হৈছে ৷

২) শিক্ষাত ICT সংযোজন, e-content প্ৰস্তুত কৰা আৰু DIKSHA Portal ৰ ওপৰত শিক্ষকৰ বাবে প্ৰশিক্ষণ আৰু কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷

৩)DIKSHA Portal আৰু Energized textbook ৰ বিষয়ে গুৱাহাটী অঁনাতাৰ কেন্দ্ৰৰ জৰিয়তে অঁনাতাৰ আলোচনা চক্ৰ বাণীবদ্ধ কৰি সম্প্ৰচাৰিত কৰা হয় ৷

৪) QR Code ৰ ব্যৱহাৰ বিষয়ক ৰেডিঅ’জিংগল প্ৰস্তুত কৰি গুৱাহাটী অঁনাতাৰ কেন্দ্ৰৰ যোগে সম্প্ৰচাৰিত কৰা হয় ৷

৫)গুৱাহাটী অঁনাতাৰ কেন্দ্ৰৰ যোগেদি অঁনাতাৰ অনুষ্ঠান 'প্ৰজ্ঞাৰ' জৰিয়তে শ্ৰেণী অনুযায়ী, বিষয়ভিত্তিকভাৱে প্ৰস্তুত কৰি উলিওৱা মুক্ত শৈক্ষিক সমলৰ ওপৰত অঁনাতাৰ আলোচনা চক্ৰ বাণীবদ্ধ কৰি সম্প্ৰচাৰিত কৰা হয় ৷ 

৬)স্কুলীয়া পাঠ্যক্ৰমৰ অন্তৰ্গত বিভিন্ন বিষয়বস্তুৰ ওপৰত EDUSAT ৰ আৰু NIC ৰ জৰিয়তে ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসম আৰু সৰ্বশিক্ষা মিছন, অসমৰ দ্বাৰা Video Conference অনুষ্ঠিত কৰা হয় ৷           

৭) শিক্ষক আৰু শিক্ষক প্ৰশিক্ষকৰ বাবে ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসম আৰু সমগ্ৰ শিক্ষা অসমে TISS, মুম্বাইৰ সহযোগত ITE শীৰ্ষক এক চাৰ্টিফিকেট কৰ্ছ সম্পন্ন কৰে ৷

 কম্পিউটাৰ লিটাৰেচি প্ৰগ্ৰেম :

ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে ৰাজ্যখনৰ নৰ্মাল স্কুল, প্ৰাক প্ৰাথমিক শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু বুনিয়াদী প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ বাবে কম্পিউটাৰত কাৰ্যালয়ৰ কাম কাজ সম্পন্ন কৰিব পৰাকৈ এটি কম্পিউটাৰ লিটেৰেচি প্ৰগ্ৰেম অনুষ্ঠিত কৰে ৷

প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ বাবেQR Code সম্বলিতEnergized textbook প্ৰৰ্বতন :

প্ৰাথমিক পৰ্যায়ৰ বাবে মুঠ ১১ খন পাঠ্যপুথিত QR Code  সংযোজন কৰি Energized textbook প্ৰস্তুত কৰি ৰাজ্যৰ বিদ্যালয়সমূহত প্ৰৰ্বতন কৰা হৈছে ৷ Energized textbook সমূহ হৈছে -

 

ক্ৰমিক     নং

শ্ৰেণী

বিষয়

মাধ্যম আৰু QR Code ৰ সংখ্যা

মুঠ QR Code ৰ সংখ্যা

পঞ্চম

ইংৰাজী

 

ইংৰাজী ৫

পঞ্চম

গণিত

অসমীয়া  ৫

ইংৰাজী ৫

১০

ষষ্ঠ

সমাজ বিজ্ঞান

অসমীয়া  ১৪

ইংৰাজী ১৪

১৪+১৪=২৮

সপ্তম

সমাজ বিজ্ঞান

অসমীয়া  ১৪

ইংৰাজী ১৪

১৪+১৪=২৮

অষ্টম

সমাজ বিজ্ঞান

অসমীয়া  ১৫

ইংৰাজী ১৫

১৫+১৫=৩০

অষ্টম

বিজ্ঞান

অসমীয়া ২১

ইংৰাজী ২১

২১+২১=৪২

                                                                                                                                  মুঠ ১৪৩

প্ৰতিখন Energized textbook ত এটাকৈ অতিৰিক্ত QR Code দিয়া হৈছে ৷ সেয়েহে মুঠ QR Code ৰ সংখ্যা হ'ব ১৪৩+১১=১৫৪

  •  
  • প্ৰাথমিক পৰ্যায়ৰ Energized textbook ৰ QR Code ত সংযোজন কৰিবৰ বাবে মুঠ ১৩৬ টা e-content প্ৰস্তুত কৰা হৈছে ৷
  • শিক্ষাত তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ সংযোজনৰ ওপৰত শিক্ষকসকলৰ প্ৰশিক্ষণৰ বাবে ICT Training Module প্ৰস্তুত কৰা হয় আৰু কৰ্মৰত শিক্ষকৰ প্ৰশিক্ষণৰ বাবে Key Resource Person (KRP) ক প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ ৰাজ্যিক পৰ্যায়ত মুঠ ১০৫০ জন KRP ক শিক্ষাত ICT সংযোজনৰ ওপৰত প্ৰশিক্ষণ দিয়া হয় ৷ 
  • DIKSHA আৰু Energized Textbook সম্পৰ্কে ৰাজ্যৰ আগশাৰীৰ বাতৰি কাকতত জাননী প্ৰকাশ কৰা হয় ৷
  • জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ আৰু নৰ্মাল স্কুলৰ শিক্ষক প্ৰশিক্ষকসকলৰ বাবে DIKSHA আৰু Energized Textbook ৰ ওপৰত প্ৰশিক্ষণ তথা কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷

ৰাজ্যিক শিক্ষা আৰু প্ৰশিক্ষণ পৰিষদ অসমে শিক্ষাত ICT সংযোজনৰ বাবে লোৱা কিছু পদক্ষেপৰ কিছু দৃশ্যাংশ –

2020

QR Code সম্বলিত পাঠ্য়পুথি (Energized Textbook )

 

    

 

মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় (MHRD)  আৰু ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদ (NCTE), ভাৰত চৰকাৰৰ ডিজিটেল পদক্ষেপৰ  অংশ ৰ 

অধীনত অসমত পোণ প্ৰথমবাৰৰ বাবে অসম ৰাজ্য়িক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ(S.C.E.R.T)ৰ তত্বাৱধানত পৰীক্ষামুলক 

অসমীয়া, ইংৰাজী, বেংগলী, বড়ো আৰু হিন্দী মাধ্য়মৰ সৰ্বমুঠ ৩৭ খন পাঠ্য়পুথি Energized Textbook (ETB) অথবা QR Code (Quick Response Code) সম্বলিত পাঠ্য়পুথি হিচাপে প্ৰস্তুত কৰা হৈছে ৷ উক্ত পাঠ্য়পুথি কেইখন হ'ল- 

বিষয়

শ্ৰেণী

মাধ্য়ম

 

ইংৰাজী

পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম

ইংৰাজী

গণিত

পঞ্চম,ষষ্ঠ, সপ্তম, অষ্টম

অসমীয়া, ইংৰাজী, বড়ো,

বিজ্ঞান

অষ্টম, নৱম, দশম 

অসমীয়া, ইংৰাজী,বেংগলী, হিন্দী

সমাজ বিজ্ঞান

ষষ্ঠ, সপ্তম, অষ্টম

অসমীয়া, ইংৰাজী, বেংগলী, বড়ো, হিন্দী

অসমীয়া সপ্তম অসমীয়া
পৰিৱেশ অধ্যয়ন পঞ্চম অসমীয়া, ইংৰাজী, 

উপৰত উল্লেখিত পাঠ্যপুথি কেইখনত  বিভিন্ন প্ৰকাৰৰ eContent যেনে- অডিঅ', ভিডিঅ', পৰস্পৰে সংযোগ স্থাপন 

কৰিব interactive শ্ৰব্য-দৃশ্য Content পাঠ্যপুথিত মুদ্ৰিত কৰা QRCodeৰ লগত  সংযোগ স্থাপন কৰা হৈছে ৷ শিক্ষক, শিক্ষাৰ্থী আৰু 

অভিভাৱকে e-Content সমূহ মোৱাইল ফোনত থকা QR Code Scanner ৰ দ্বাৰা  Scan কৰি চাব পাৰিব ৷ Google play Storeৰ 

পৰা DIKSHA App অথবা আন QRCode Scanner কৰি সমূহ এটা এটাকৈ Scan কৰিলে আপোনালোকে পাঠ্যপুথিত মুদ্ৰিত হৈ থকা 

QR Codeৰ লগত সংযোজিত e Content সমূহ চাব পাৰিব ৷ সবিশেষ পাঠ্যপুথিত সন্নিবিষ্ট কৰা হৈছে ৷

পুৰস্কাৰ আৰু সাফল্য :

CIET, NCERT নতুন দিল্লীয়ে ভূপালত অনুষ্ঠিত কৰা সৰ্বভাৰতীয় পয্যায়ৰ 22ndAll India Childrens’ Educational Audio-Video Festival আৰু ICT Mela 2018 ত ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে প্ৰস্তুত কৰা চাৰিটা শৈক্ষিক Video প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছিল ৷

ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে CIET, NCERT, নতুন দিল্লীয়ে অনুষ্ঠিত কৰা 23rdAll India Childrens’ Educational Audio-Video Festival আৰু ICT Mela ত অংশগ্ৰহণ কৰে য'ত ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে প্ৰস্তুত কৰা ৩ টা Video প্ৰদৰ্শিত হয় আৰু ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে উচ্চ প্ৰাথমিক পৰ্যায়ৰ Video শাখাত “Making of Golden Thread” শীৰ্ষক Video টোৰ বাবে শ্ৰেষ্ঠ Video পুৰস্কাৰ লাভ কৰে ৷ সেই AICEAVF and ICT Mela 2019 ত ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ ৰুকচানা শইকীয়া আৰু পিয়ানু বৰুৱাই “Talking to the Best Friend” Video টোৰ বাবে শ্ৰেষ্ঠ পাণ্ডুলিপি লেখকৰ পুৰস্কাৰ লাভ কৰে ৷ 

ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে CIET, NCERT, নতুন দিল্লীয়ে অনুষ্ঠিত কৰা 24th All India Childrens’ Educational Audio-Video Festival আৰু ICT Mela, 2020 ত অংশগ্ৰহণ কৰে য'ত ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে প্ৰস্তুত কৰা 2 টা Programme প্ৰদৰ্শিত হয় আৰু ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে 

মাধ্যমিক পৰ্যায়ৰ Video শাখাত “An Eri Family” শীৰ্ষক Video টোৰ বাবে শ্ৰেষ্ঠ Video পুৰস্কাৰ লাভ কৰে ৷ সেই AICEAVF and ICT Mela, 2020 ত ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ সহকাৰী সঞ্চালক  ৰুকচানা শইকীয়া আৰু পিয়ানু বৰুৱাই “Rabindranath Tagore”  শীৰ্ষক  interactive contentটোৰ বাবে শ্ৰেষ্ঠ Jury Appreciation  পুৰস্কাৰ লাভ কৰে ৷ 

e-prastuti শ্ৰেষ্ঠ মাষ্টাৰ ট্ৰেনাৰ পুৰস্কাৰ :

ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ সহকাৰী সঞ্চালক ৰুকচানা শইকীয়াই e-prastuti প্ৰকল্পৰ অধীনত Standardization of Website ৰ বাবে মাননীয় মুখ্যমন্ত্ৰীৰ পৰা শ্ৰেষ্ঠ মাষ্টাৰ ট্ৰেনাৰৰ পুৰস্কাৰ লাভ কৰে ৷

e-prastuti বাবে শ্ৰেষ্ঠ বিভাগৰ পুৰস্কাৰ লাভ :

অসম চৰকাৰৰ e-prastuti প্ৰকল্প Standardization of Website ৰ বাবে অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগ আৰু ইয়াৰ অধীনৰ সঞ্চালকালয়সমূহে মাননীয় মুখ্যমন্ত্ৰীৰ পৰা শ্ৰেষ্ঠ বিভাগৰ পুৰস্কাৰ লাভ কৰে ৷ এই প্ৰকল্পটোৰ বাবে প্ৰাথমিক শিক্ষা বিভাগত ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ সহকাৰী সঞ্চালক ৰুকচানা শইকীয়াই সমন্বয়কৰ দায়িত্ব পালন কৰিছিল ৷

সাফল্য :

ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ সহকাৰী সঞ্চালক ৰুকচানা শইকীয়াই অসম চৰকাৰৰ IT বিভাগে e-prastuti প্ৰকল্প (Standardization of Website) ৰ বাবে বাবে প্ৰস্তুত কৰা মাষ্টাৰ ট্ৰেনাৰ চাৰ্টিফিকেট কৰ্ছত প্ৰথম স্থান লাভ কৰে আৰু মাননীয় মুখ্যসচিবৰ পৰা প্ৰমাণপত্ৰ লাভ কৰে ৷

শিক্ষা পৰিকল্পনা আৰু ব্যৱস্থাপনা বিভাগ

এই বিভাগৰ তত্বাৱধানত শিক্ষক শিক্ষা আঁচনিৰ অধীনত ৰাজ্যখনৰ সকলো বিদ্যালয়ৰ বাবে বাৰ্ষিক কৰ্ম আঁচনি আৰু বাজেট প্ৰস্তুত কৰা হয় আৰু এই বাজেট আৰু বাৰ্ষিক কাৰ্যপন্থাৰ খচৰা মানৱ সম্পদ উন্নয়ন বিভাগৰ শিক্ষক শিক্ষা অনুমোদন দাখিল কৰা হয়। শিক্ষক শিক্ষাৰ কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষক আঁচনিৰ অধীনত এই বাজেট প্ৰণয়ন কৰা হয়। ইয়াৰোপৰি এই বিভাগে SCERTৰ বাবে, প্ৰাথমিক প্ৰশিক্ষণ কেন্দ্ৰ (Basic Training Centre), সাধাৰণ বিদ্যালয়সমূহৰ বাবে প্ৰাক্-প্ৰাথমিক শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ, হিন্দী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় আৰু হিন্দী প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ বাবে বাৰ্ষিক বাজেট প্ৰস্তুত কৰে।

  • ইংৰাজী ভাষা প্ৰশিক্ষণ সংস্থা, অসমক প্ৰতি বছৰে SCERTৰ বাজেটৰ পৰা আৰ্থিক অনুদান প্ৰদান কৰা হয়।
  • শিক্ষক শিক্ষা সংস্থাসমূহে নিজ নিজ সংস্থাৰ দ্বাৰা প্ৰদান কৰা বি.ইড আৰু ডি.ইউ পাঠ্যক্ৰমৰ স্বীকৃতি প্ৰাপ্তিৰ বাবে ERC, NCTE, ভূৱনেশ্বৰলৈ অনলাইন আবেদন দাখিল কৰিব লাগে। জিলা শিক্ষা আৰু প্ৰশিক্ষণ সংস্থা, প্ৰাথমিক প্ৰশিক্ষণ কেন্দ্ৰ স্বাভাৱিক স্কুলসমূহৰ দুবছৰীয়া ডি.ইল.ইডি পাঠ্যক্ৰমৰ সৰ্বমুঠ আসনৰ বিগত সময়ছোৱাত ১৩২০ৰ পৰা ৩১৫০লৈ বৃদ্ধি কৰা হয়। আনহাতে, বি.ইউ. পাঠ্যক্ৰমৰ ক্ষেত্ৰত ৰাজ্যখনত মুঠ আসন সংখ্যা ব্যক্তিগত বিদ্যালয়সমূহক ধৰি ১৩২০ৰ পৰা ৩১৫০লৈ বৃদ্ধি কৰা হৈছে।
  • বি.ইড পাঠ্যক্ৰমৰ ক্ষেত্ৰত চৰকাৰী শিক্ষক শিক্ষা সংস্থা আৰু ১০খন জিলা শিক্ষা আৰু প্ৰশিক্ষণ সংস্থাৰ আসন আৰু ১০খন জিলা শিক্ষা আৰু প্ৰশিক্ষণ সংস্থাৰ আসনৰ সংখ্যা ৯৫ৰ পৰা ১৪৫০লৈ বৃদ্ধি কৰা হৈছে। ২০১৭-১৮ চনলৈ বি.ইড মহাবিদ্যালয়সমূহৰ সৰ্বমুঠ আসন সংখ্যা ৫৩০০খনৰ পৰা ৫৮০০লৈ বৃদ্ধি কৰা হৈছে।
  • ২০১৭-১৮ বৰ্ষৰ পৰা কোকৰাঝাৰস্থিত শিক্ষক শিক্ষা মহাবিদ্যালয়ে ৫০খন আসনৰ ভিতৰতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত এম.ইড.ৰ দুবৰীয়া পাঠ্যক্ৰমৰ বাবে স্বীকৃতি লাভ কৰে। আৰু ইয়াৰ লগতে অসমত এম.ইড. পাঠ্যক্ৰমৰ বিপৰীতে থকা মুঠ আসনৰ সংখ্যা ২০০ৰ পৰা ৩০০লৈ বৃদ্ধি পায়।
  • আনহাতে, অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ত চাৰি বছৰীয়া বি.এ/বি.ইড আৰু বি.এছ.চি/বি.ইড পাঠ্যক্ৰমৰ মুঠ আসনৰ সংখ্যা হৈছে ১০০খন।
  • ইতিমধ্যে প্ৰশিক্ষণপ্ৰাপ্ত কৰ্মৰত শিক্ষকসকলৰ প্ৰাথমিক আৰু উচ্চতৰ মাধ্যমিক প্ৰশিক্ষণৰ হেতু নিটি আয়োগলৈ অতিৰিক্ত অৰ্থ বিচাৰি প্ৰস্তাৱ দিয়া হৈছে।
  • অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰীয়ে ২০১৬-১৭ৰ বাজেট ভাষণত ঘোষণা কৰা অনুসৰি নৱগঠিত ৬খন জিলাৰ বাবে ৬খন জিলা শিক্ষা আৰু প্ৰশিক্ষণ সংস্থাৰ বাবেও প্ৰস্তাৱ ৰখা হৈছে। লগতে চৰকাৰে PMA.৩৫৮ /২০১৬/১০৬, তাৰিখ ১৬-০১-২০১৭ৰ বিভাগীয় জাননী প্ৰেৰণ কৰি হোজাই, দক্ষিণ শালমৰা, মানকাচৰ, পশ্চিম কাৰ্বি আংলং, মাজুলী, চৰাইদেউৰ বিপৰীতে শিৱসাগৰত আৰু বিশ্বনাথ চাৰিআলিৰ বিপৰীতে শোণিতপুৰত নতুনকৈ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপনৰ নিৰ্দেশ প্ৰেৰণ কৰে।
  • SCERTৰ পুনৰ গঠন আৰু শক্তিশালী কৰাৰ উদ্দেশ্যে অসম চৰকাৰে বিভাগীয় পত্ৰ সংখ্যা PMA.332/2012/Pt/267 তাৰিখ ১৩ ফেব্ৰুৱাৰী,২০১৭ৰ জাননী অনুসৰি বিত্ত বিভাগৰ অনুমোদন সাপেক্ষে ৮৩টা নতুন পদ সৃষ্টি কৰে আৰু ইয়াৰে শৈক্ষিক ৰাজপত্ৰিত বিষয়ৰ পদ সংখ্যা আছিল ৫৭টা।
  • শিক্ষক শিক্ষণ আঁচনিক অসমত শক্তিশালী ৰূপত কাৰ্যকৰী কৰাৰ উদ্দেশ্যে ৰাজ্যখনত “common cadre of Teacher Educator” গঠনৰ প্ৰস্তাৱনা অসম শিক্ষা গৱষণা আৰু প্ৰশিক্ষণৰ তৰফৰ পৰা প্ৰেৰণ কৰা হৈছে। এই প্ৰস্তাৱনা যৌথ পৰ্যালোচনা অভিযান অনুমোদনৰ ভিত্তিত প্ৰেৰণ কৰা হয়।
  • ভাৰত চৰকাৰেও ৰাজ্যখনৰ ১৪টা শিক্ষা খণ্ডত খণ্ড শিক্ষক শিকন সংস্থা স্থাপনৰ বাবে চিহ্নিত কৰিছে আৰু ইতিমধ্যে ৰঙিয়া খণ্ডত এনে সংস্থা স্থাপনৰ উদ্দেশ্যে অৰ্থ প্ৰদান কৰা হৈছে। অৱশিষ্ট খণ্ড সংস্থাৰ বাবেও আৰ্থিক অনুদান বিচাৰি প্ৰস্তাৱনা প্ৰেৰণ কৰা হৈছে।
  • শিক্ষক শিক্ষণ আঁচনিৰ অধীনত ৰাজ্যখনৰ ২১খন ‘ডাইট’ মহাবিদ্যালয়ত, ১৭টা বি-টি-চিত আৰু ৫খন স্বাভাৱিক স্কুলত দুবছৰীয়া ডি.ইল.ইডি পাঠ্যক্ৰম চলাই থকা হৈছে যাতে অধিক সংখ্যক শিক্ষকক প্ৰশিক্ষণ প্ৰদান কৰিব পৰা যায়।
  • ৰাজ্যখনৰ কামৰূপ মহানগৰ জিলা, বাক্সা, চিৰাং আৰু ওদালগুৰিতো চাৰিখন জিলা শিক্ষক আৰু প্ৰশিক্ষণ সংস্থা স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰক প্ৰস্তাৱ দিয়া হৈছিল আৰু কেন্দ্ৰীয় চৰকাৰেও আন্তঃগাঁথনিৰ বাবে নিৰ্দ্ধাৰিত মুঠ ধন ৪৪১.১৫৯ লাখ টকাৰ ১৯৮.৬৮ লাখ ধন ইতিমধ্যে মোকলাই দিছে (এই পৰিমাণ হৈছে মুঠ অনুমোদিত ধনৰ ৫০ শতাংশ)
  • অসম চৰকাৰে ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰস্তাৱনাৰ প্ৰতি সঁহাৰি লাভ কৰাৰ পাছত বিভাগীয় জাননী (PMA.358/2016/106 তাৰিখ ১৬-০১-২০১৭) প্ৰেৰণ কৰি ডিফু বি.ইড মহাবিদ্যালয়, কাৰ্বি আংলং, বঙাইগাঁও বি.ইড মহাবিদ্যালয়, বঙাইগাঁও আৰ ৰাৱণপাৰা চৰকাৰী শিক্ষক শিক্ষণ সংস্থা, মাজুলীত ন-কৈ CTE স্থাপন কৰা হব বুলি জানিবলৈ দিয়ে। ভাৰত চৰকাৰে ২২-০২-২০১৭ত অনুষ্ঠিত TEAB বৈঠকত এই প্ৰস্তাৱনাত অনুমোদন জনায়।
  • ৰাজ্যখনৰ ভিতৰৰ মাধ্যমিক বিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ নেতৃত্ব গুণ বৃদ্ধিৰ উদ্দেশ্যে অসম চৰকাৰে বিভাগীয় নিৰ্দেশনা (AEE.143/2016/26 তাৰিখ ১০-০৬-২০১৬) অনুসৰি SCERTক ৰাজ্যখনৰ লিডাৰশ্বিপ অকাডেমী হিচাপে জাননী প্ৰেৰণ কৰে।
  • শিক্ষক প্ৰশিক্ষকসকলৰ বদলি সম্পৰ্কীয় যাৱতীয় নীতি নিৰ্দেশনা প্ৰস্তুত কৰি ৰাজ্য চৰকাৰক প্ৰদান কৰা হৈছে আৰু বিষয়টো এতিয়া ৰাজ্য চৰকাৰৰ বিচাৰাধীন হৈ আছে।
  • বহনক্ষম লক্ষ্য ২০৩০ৰ লক্ষ্য নং ৪ত উল্লেখিত ধৰণে মানসম্পন্ন শিক্ষাৰ দিশে অগ্ৰসৰ হোৱাৰ বাবে SCERTয়ে তলত উল্লেখিত ধৰণে কেতবোৰ কাৰ্যসূচী হাতত লৈছে – ৰাজ্যখনত থকা শিক্ষাক শিকন বিদ্যালযসমূহক শক্তিশালী কৰি গঢ়ি তোলা আৰু নতুন সংস্থা স্থাপনত গুৰুত্ব দিয়া, শিক্ষক আৰু শিক্ষক শিকন প্ৰক্ৰিয়াক পেছাদাৰী ৰূপত গঢ়ি তোলা, SCERTক পাঠ্যক্ৰম বিকাশ, নিৰীক্ষণ, শিক্ষক প্ৰশিক্ষণৰ ক্ষেত্ৰত উত্কৃষ্ট কেন্দ্ৰ হিচাপে গঢ়ি তোলা, আৰু ৰাজ্যখনত থকা শিক্ষক শিকন সংস্থাসমূহৰ প্ৰৱৰ্তন আৰু মূল্যায়নৰ দিহা কৰা।
  • ইতিমধ্যে আমাৰ শিক্ষাৰ প্ৰশাসনিক দিশসমূহ ফহিয়াই এখনি বৃহৎ গ্ৰন্থ প্ৰস্তুত কৰি উলিওৱা হৈছে আৰু নতুন দিল্লীস্থিত UNEPA ক প্ৰকাশনৰ বাবে দায়িত্ব প্ৰদান কৰা হৈছে। এই গ্ৰন্থখনত ৰাজ্যখনৰ শিক্ষাখণ্ডৰ বিভিন্ন দিশসমূহক বিশদভাৱে বিশ্লেষণ কৰা হৈছে।
  • বিভাগৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ বাবে নেতৃত্ব গুণৰ বিকাশ সাধনৰ উদ্দেশ্যে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়।
  • ডি.ইল.ইড আৰু বি.ইড/এম.ইড পাঠ্যক্ৰমৰ ক্ষেত্ৰত জিলাৰ শিক্ষক শিকন সংস্থাসমূহে আসন বৃদ্ধি কৰাৰ ক্ষেত্ৰত SCERTৰ তৰফৰ পৰা No Objection Certificate (NOC) প্ৰদান কৰা হয়।
  • মাধ্যমিক বিদ্যালয়সমূহৰ অধ্যক্ষসকলক পৰিকল্পনা প্ৰৱৰ্তন আৰু প্ৰকাশন, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন আঁচনি যুগুত কৰা আৰু শৈক্ষিক ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত তিনিদিনীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়।
  • ৯০:১০ হাৰত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাৱলী অনুসৰি ৰাজ্যখনত DIETৰ বাবে ৩০৬টা পদ আৰু  CTEৰ বিপৰীতে ৭০টা নতুন পদ সৃষ্টি কৰা হয়।
  • অসম লোকসেৱা আয়োগৰ জৰিয়তে DIETৰ বাবে ১০৮টা অধ্যাপকৰ পদৰ বিপৰীতে বিজ্ঞাপন প্ৰকাশ কৰা হয় আৰু সাক্ষাত্কাৰ অনুষ্ঠিত কৰা হয়। অতিৰিক্ত ১৪৯টা পদৰ বিপৰীতে ইতিমধ্যে আয়োগক বিজ্ঞাপন প্ৰদান কৰা হৈছে।
  • CTEৰ বাবে ২৮টা পদৰ বিপৰীতে ইতিমধ্যে আয়োগৰ জৰিয়তে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে।
  • ডি.এল.ইড/বি.ইড/এম.ইড/বি.পি.ইড আদি পাঠ্যক্ৰমৰ চূড়ান্ত স্বীকৃতিৰ বাবে উৰিষ্যাৰ ভূৱনেশ্বৰত অনুষ্ঠিত পূৰ্বাঞ্চলীয় সমিতিৰ ২১৩ সংখ্যক বৈঠকত বিভাগৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

গৱেষণা আৰু মূল্যায়ণ বিভাগ

গৱেষণা আৰু মূল্যায়ন বিভাগৰ উদ্যোগত ২০১৮-২০১৯ চনত সম্পাদন কৰা কাৰ্যাৱলী

স্কুলীয়া শিক্ষা আৰু শিক্ষণ প্ৰশিক্ষণ সম্পৰ্কীয় বিষয়বস্তুৰ ওপৰত গৱেষণা কৰাটো ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ অন্যতম উদ্দেশ্য। ৰাজ্যখনত বিদ্যালয় আৰু শিক্ষক প্ৰশিক্ষণৰ  গুণৰ উত্তৰণৰ বাবে বিভিন্ন দিশৰ ওপৰত কৰা গৱেষণামূলক কাৰ্য্যৰ আধাৰত ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে ৰাজ্য চৰকাৰক সময়ে সময়ে শৈক্ষিক বিকাশৰ বাবে নীতি নিৰ্দ্ধাৰণকৰিব পৰাকৈ পৰামৰ্শ আগবঢ়াই আহিছে। ২০১৮-১৯ চনত সম্পাদন কৰা কেতবোৰ উল্লেখযোগ্য কাৰ্যাৱলী তলত উল্লেখ কৰা হ'ল।

  • Educational Research Journal (ISSN 2454-4949) তৃতীয়  সংস্কৰণ  ২০১৮  চনৰ  অক্টোবৰ  মাহত প্ৰকাশ কৰা হয় ৷ ইয়াত শিক্ষা বিষয়া, কৰ্মচাৰীয়ে সম্পাদন কৰা ১৫ খন গৱেষণা পত্ৰ প্ৰকাশ কৰা হয় ৷  ইয়াৰ চতুৰ্থ সংস্কৰণৰ প্ৰকাশৰ কাম বৰ্তমান হাতত লোৱা হৈছে ৷
  • শিক্ষক প্ৰশিক্ষক আৰু শিক্ষকৰ কাৰ্য্যভিত্তিক গৱেষণা কৰাৰ সামৰ্থতা বৃদ্ধিৰ বাবে তলৰ কাৰ্যসূচী হাতত  লোৱা হয় –
  1. কাৰ্য্যভিত্তিক গৱেষণাৰ ওপৰত গুৰুত্ব দি গৱেষণা পদ্ধতি সম্পৰ্কীয় এখন সমল পুথিৰ প্ৰকাশ কৰা হয় ৷ (অক্টোবৰ, ২০১৮)
  2. শিক্ষক প্ৰশিক্ষকৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা
  • ছাত্ৰ-ছাত্ৰীৰ মূল্যায়নৰ ওপৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেমিনাৰ এখন ২৯-৩০ জানুৱাৰী, ২০১৯ত গুৱাহাটীত অনুষ্ঠিত কৰা হয় ৷ ইয়াত মুঠতে ১৫খন গৱেষণা পত্ৰ চাৰিটা কাৰিকৰী শিতানত উপস্থাপন কৰিবলৈ দিয়া হয় ৷
  • কাৰ্য্যভিত্তিক গৱেষণাৰ ওপৰত বিশেষ গুৰুত্ব দি গৱেষণা পদ্ধতিৰ ওপৰত নৰ্মাল স্কুল আৰু বুনিয়াদী  প্ৰশিক্ষণ কেন্দ্ৰৰ শিক্ষক প্ৰশিক্ষকসকলৰ বাবে ২০১৮ চনৰ ১৮-২০ ডিচেম্বৰত গুৱাহাটীত তিনিদিনীয়া প্ৰশিক্ষণৰ আয়োজন কৰা হয় ৷
  • ৰাজ্যখনৰ সকলো চৰকাৰী শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানক সামৰি All India Survey on Higher Education (AISHE) সম্পাদন কৰা হয় ৷ NCTE ৰ স্বীকৃতিপ্ৰাপ্ত সকলো চৰকাৰী প্ৰতিষ্ঠানে মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ৰ Online portal ৰ Data Capture Format (DCF) III ত নিজ প্ৰতিষ্ঠান সম্পৰ্কীয় তথ্য ২০১৮-১৯ চনৰ বাবে প্ৰকাশ কৰে ৷
  • শিক্ষক প্ৰশিক্ষকসকলে কৰিবলগীয়া গৱেষণামূলক কাৰ্য্যৰ নিৰ্দেশনাৱলী সন্নিবিষ্ট কৰি এটা Institutional Mechanism প্ৰস্তুত কৰা হয়, যাতে শিক্ষক প্ৰশিক্ষকসকলে পদ্ধতিগতভাৱে গুণবিশিষ্ট গৱেষণা কাৰ্য সম্পাদন কৰিব পাৰে ৷
  • আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জড়িয়তে কাৰ্য্যভিত্তিক গৱেষণাৰ ওপৰত কথিকা প্ৰকাশ কৰা হয় ৷
  • বিভাগটোৰ বিষয়াসকলে গুণোৎসৱৰ বিভিন্ন কামত নিয়োজিত হোৱাৰ উপৰিও মূল প্ৰশিক্ষক আৰু  বাহ্যিক মূল্যায়ক হিচাপে সেৱা আগবঢ়ায় ৷
  • বিভাগটোৰ বিষয়াসকল সৰ্বশিক্ষা অভিযানৰ সহযোগত বিভিন্ন বিষয়ৰ মুক্ত শৈক্ষিক সমল (Open Educational Resource) প্ৰস্তুতৰ কামত নিয়োজিত হয় ৷
  • ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ শৈক্ষিক বিষয়াসকলে প্ৰস্তুত কৰা চাৰিখন গৱেষণা পত্ৰ গৱেষণামূলক জাৰ্ণেলত প্ৰকাশ পায় ৷

মিছন উত্তৰণ

মিছন উত্তৰণ হৈছে বিদ্যালয়সমূহৰ সামগ্ৰীক উত্তৰণৰ এক উদ্ভাৱনমূলক প্ৰচেষ্টা ৷ ৰাজ্যিক শিক্ষা -গৱেষণা  আৰু প্ৰশিক্ষণ পৰিষদ, অসমে (SCERT) ৰাজ্যখনৰ শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান যেনে- জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET), বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ (BTC), নৰ্মাল স্কুল আৰু শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় আদিৰ সহযোগত প্ৰতিখন জিলাতে এই উদ্ভাৱনমূলক প্ৰচেষ্টাৰে বিদ্যালয়ৰ উত্তৰণৰ বাবে কাম কৰি আাছে ৷

'মিছন উত্তৰণ'ৰ সুদূৰ প্ৰসাৰী উদ্দেশ্যসমূহ হৈছে প্ৰতিখন জিলাত শৈক্ষিকভাবে ভাল ফলাফল দেখূওৱাত ব্যৰ্থ হোৱা কিছুসংখ্যক বিদ্যালয় চিনাক্তকৰণ কৰি শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ কাৰ্যাৱলীৰ আওঁতালৈ অনা আৰু সেইবোৰ বিদ্যালয়ত অহৰহ শৈক্ষিক সমৰ্থন আগবঢ়াই শৈক্ষিক বাতাবৰন উন্নত কৰা; শৈক্ষিক মানৰ উত্তৰণ ঘটোৱা ৷ মিছন উত্তৰণৰ কাৰ্য্যব্যৱস্থাত শিক্ষক প্ৰশিক্ষক আৰু শিক্ষক প্ৰশিক্ষাৰ্থীসকলক ঘাইকৈ নিয়োজিত কৰা হৈছে ৷ ইয়াৰ ফলত শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ  কাৰ্য্যব্যৱস্থাতো এক ইতিবাচক প্ৰভাৱ পৰিছে ৷ শিক্ষক প্ৰশিক্ষণৰ দুই বছৰীয়া প্ৰাথমিক শিক্ষাৰ ডিপ্লোমা পাঠ্যক্ৰমত প্ৰশিক্ষাৰ্থীসকলৰ ইন্টাৰ্নশ্বিপৰ ব্যৱস্থা আছে ৷ শিক্ষক প্ৰশিক্ষক আৰু শিক্ষক প্ৰশিক্ষাৰ্থীসকলে মিছন উত্তৰণে সামৰি লোৱা বিদ্যালয়লৈ গৈ শ্ৰেণীকোঠাত শিকন শিক্ষণ প্ৰক্ৰিয়াত অংশ লোৱাৰ সুবিধা পাইছে ৷

শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়সমূহে মাধ্যমিক স্কুল আৰু শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহে মিছন উত্তৰণ বাবে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক  বিদ্যালয় বাচনি কৰি ল'ব লাগে ৷ ৰাজ্যখনত সৰ্বশিক্ষা অভিযান, অসমৰ উদ্যোগত অনুষ্ঠিত হোৱা গুনোৎসৱ আৰু ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষনা আৰু প্ৰশিক্ষণ

পৰিষদ (NCERT), নতুন দিল্লীৰ পৰিচালনাত ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে অনুষ্ঠিত কৰা নেচনেল এচিভমেণ্ট চাৰ্ভে (NAS) ত আশানুৰূপ ফলাফল দেখুৱাব নোৱাৰা 

বিদ্যালয়হে মিছন উত্তৰণৰ বাবে বাচনি কৰা হয় ৷ বিদ্যালয়ৰ শৈক্ষিক বাতাবৰণ, শিশুসকলৰ শিকন ফলাফল আৰু শিক্ষক প্ৰশিক্ষাৰ্থীৰ উত্তৰণেই এই প্ৰচেষ্টাৰ উদ্দেশ্য আৰু লক্ষ্য ৷

শিক্ষক শিক্ষা বিভাগ আৰু প্ৰসাৰ সেৱা

  • Teacher Education
  • শিক্ষক শিক্ষাৰ পাঠ্যক্ৰমৰ উন্নতি।
  • শিক্ষক আৰু শিক্ষক প্ৰশিক্ষকৰ বাবে সম্পদ উপাদানৰ উন্নয়ন।
  • প্ৰাথমিক আৰু মাধ্যমিক স্তৰৰ শিক্ষকৰ বাবে উন্নয়ন প্ৰশিক্ষণ মডিউল।
  • প্ৰাক- সেৱা আৰু সেৱাৰ কাৰণে প্ৰশিক্ষণৰ নক্সা তৈয়াৰ কৰা।
  • দক্ষ প্ৰশিক্ষক উভয়ে প্ৰাথমিক আৰু মাধ্যমিক স্তৰৰ শিক্ষকৰ কাৰণে প্ৰশিক্ষণ।
  • টিইএচএচ-ভাৰত কাৰ্য্যক্ৰমৰ লগত সমন্বয়।

ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদঅসমলৈ ইউনিচেফৰ সহযোগিতা ২০১৭

 জন্মলগ্নৰে পৰা বিভিন্ন সময়সূচীৰে প্ৰাক নিযুক্তিকালীন আৰু আন্ত:নিযুক্তিকালীন বিভিন্ন শিক্ষক প্ৰশিক্ষণ অনুষ্ঠিত কৰি অহা ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসম ৰাজ্যখনৰ বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত এক চূড়ান্ত শৈক্ষিক গোট ৷ ই শিক্ষক প্ৰস্তুতিৰ গুণগত মান নিশ্চিত কৰা এক প্ৰতিষ্ঠান ৷ বিগত ২০১৭ বৰ্ষত ৰাজ্যিকশিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে  ইউনিচেফৰ সহযোগিতাত গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷

মুক্ত ও দূৰ শিকনৰ জৰিয়তে ২ বছৰীয়া ডি এল এড পাঠ্যক্ৰম :

ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসম হৈছে ৰাজ্যখনত জন্মলগ্নৰে পৰা বিভিন্ন সময়সূচীৰে প্ৰাক নিযুক্তিকালীন আৰু আন্ত:নিযুক্তিকালীন বিভিন্ন শিক্ষক প্ৰশিক্ষণ অনুষ্ঠিত কৰি আহি বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত এক চূড়ান্ত শৈক্ষিক গোটৰ ভূমিকা পালন কৰি আহঅপ্ৰশিক্ষিত শিক্ষকক মুক্ত ও দূৰ শিকনৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে সম্পূৰ্ণ  আহৰণ কৰা ইয়াৰ পূৰ্ব অভিজ্ঞতা, মানব শক্তি আৰু সকলো প্ৰান্ততে সিঁচৰিত হৈ থকা আনুষ্ঠানিক যোগাযোগ ব্যৱস্থাৰে ২ বছৰীয়া ডি.এল.এড. পাঠ্যক্ৰমৰ গুৰি ধৰিছে ৷ ৰাজ্যখনত সিঁচৰিত হৈ থকা বিভিন্ন শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জৰিয়তে ২ বছৰীয়া ডি.এল.এড. কাৰ্যসূচীৰ ক্ষেত্ৰত ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে আগ ভাগ লৈছে ৷

মুক্ত ও দূৰ শিকন (ODL) শিক্ষকৰ প্ৰশিক্ষণ ক্ষেত্ৰত আবশ্যম্ভাৱী, যিহেতু এক নগন্য সংখ্যক শিক্ষকহে প্ৰশিক্ষণপ্ৰাপ্ত লগতে অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলৰ প্ৰশিক্ষণ গ্ৰহণৰ বাবে পাব পৰা সূযোগ নিচেই সীমিত ৷ মুক্ত ও দূৰ শিকনৰ যোগে ডি.এল.এড. প্ৰদানৰ ব্যৱস্থাই হৈছে একমাত্ৰ সম্ভৱপৰ উপায়, যিহেতু ই এক সুগম ব্যৱস্থা আৰু লগতে নমনীয় ৷ এই নমনীয়তা শিক্ষকসকলক পেচাগত/ বৃত্তিগত পাঠ্যক্ৰম লাভ কৰাৰ ক্ষেত্ৰত সূযোগ প্ৰদান কৰিছে আৰু তেনেকৈ ই গুনগত শিক্ষাৰ প্ৰসাৰণত অৰিহনা আগবঢ়াইছে ৷ গোটেই ৰাজ্যতে এক বুজন সংখ্যক শিক্ষকে বৃত্তিগত অৰ্হতা লাভ কৰাৰ ক্ষেত্ৰত পিচপৰি আছিল ৷ মুক্ত ও দূৰ শিকনে শিক্ষকৰ বৃত্তিগত বিকাশৰ ক্ষেত্ৰত সুযোগৰ ব্যৱস্থাই ব্যাপক অবদান আগবঢ়াইছে ৷ অসম চৰকাৰে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসমৰ জৰিয়তে আৰু ইউনিচেফ অসমৰ সহযোগিতাত প্ৰাথমিক শিক্ষাৰ ডিপ্ল'মা অৰ্থাৎ ডি.এল.এড. পাঠ্যক্ৰম মুক্ত ও দূৰ শিকনৰ যোগেদি কৰিবলৈ যাওঁতে তলত উল্লেখিত কাৰ্যব্যৱস্থাসমূহ গ্ৰহণ কৰিছিল:

  • মুক্ত ও দূৰ শিকনৰ যোগে ডি.এল.এডপাঠ্যক্ৰম সন্দৰ্ভত আয়ুক্ত সচিবৰ সৈতে আলোচনা ৷
  • মুক্ত ও দূৰ শিকনৰ যোগে ডি.এল.এডপাঠ্যক্ৰম ৰূপায়নৰ ক্ষেত্ৰত জ্ঞান অৰ্জনৰ বাবে  ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ তথা বিভিন্ন শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বিষয়া সকলৰ বিহাৰলৈ শিক্ষামূলক ভ্ৰমন ৷
  • মুক্ত ও দূৰ শিকনৰ যোগেদি ডিএলএডপাঠ্যক্ৰম সফল ৰূপায়নৰ  বাবে  ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণৰ অধ্যক্ষ তথা বিষয়াসকলৰ আলোচনা ও প্ৰশিক্ষণৰ ব্যৱস্থা ৷

ফলাফল/প্ৰভাৱ :

  • ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ এই কাৰ্যক্ৰমত ইউনিচেফ অসমৰ সহযোগিতাত

গোটেই প্ৰক্ৰিয়াটো ত্বৰান্বিত হয় আৰু কাৰ্যক্ৰমটোৱে এক নতুন গতি লাভ কৰে ৷

  • প্ৰায় পচিশ হাজাৰ অপ্ৰশিক্ষিত শিক্ষক-শিক্ষয়িত্ৰীয়ে এই মুক্ত ও দূৰ শিকনৰ যোগেদি প্ৰাথমিক  শিক্ষাৰ ডিপ্ল'মা/ডি.এল.এডপাঠ্যক্ৰমত নাম ভৰ্ত্তি কৰে ৷
  • মূল সমল ব্যক্তিৰ (KRP) প্ৰশিক্ষণ সুচাৰুৰূপে সম্পন্ন হৈছে আৰু সমল ব্যক্তিৰ প্ৰশিক্ষণ চলি আছে আৰু নবেম্বৰ, ২০১৭ ইং ৰ পহিলা সপ্তাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে ৷
  • প্ৰাথমিক শিক্ষাৰ অধিকাৰ, ২০১৯ আইনত উল্লেখিত বৃত্তিগতভাবে অৰ্হতাসম্পন্ন শিক্ষক ৰাজ্যখনত মাৰ্চ, ২০১৯ৰ ভিতৰত উপলব্ধ হ'ব বুলি আশা কৰা হৈছে ৷

ৰাষ্ট্ৰীয় শিক্ষকৰ শিক্ষা পৰিষদৰ নিৰ্দ্দেশনা২০১৪ অনুযায়ী ডিএলএডপাঠ্যক্ৰমৰ পৰ্যালোচনা

            বিগত শতিকাতকৈ আজিৰ দিনত শিক্ষকৰ শিক্ষা খুবেই প্ৰয়োজনীয় ৷ শিক্ষানীতি আৰু ব্যৱস্থাৰ দিশত মূলগতভাবে শিক্ষাৰ ক্ষেত্ৰত পৰিবৰ্ত্তিত হৈছে আৰু বিদ্যালয়বোৰৰ প্ৰয়োজনীয়তা তথা উন্নতিৰ দৌৰৰ লগতে খাপ খুৱাবলৈ শিক্ষক প্ৰস্তুতিৰ কাৰ্যসূচীৰ প্ৰয়োজন হৈছে ৷ তাৰেই পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদৰ নিৰ্দেশনা, ২০১৮ অনুসৰি ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে ডি.এল.এড. পাঠ্যক্ৰমৰ পৰ্যালোচনা কৰ্মশালাৰ আয়োজন কৰা হৈছে ৷

            নিৰ্দেশনাই ইয়াকে কৈছে যে- " শৈশৱৰ অধ্যায়ন, শিক্ষাৰ সামাজিক প্ৰসংগ, বিষয় জ্ঞান, শিক্ষন বিজ্ঞান সম্বন্ধীয় জ্ঞান, শিক্ষাৰ লক্ষ আৰু যোগাযোগৰ কৌশল আদিৰে সমন্বিতভাবে ডিএলএড. কাৰ্যসূচী ৰূপ দিব লাগে ৷ এই কাৰ্যসূচীত বাধ্যতামূলক আৰু ইচ্ছাধীন তত্ব বিষয়ক পাঠ, বাধ্যতামূলক ব্যৱহাৰিক বিষয় আৰু বাধ্যতামূলক বিদ্যালয় ভিত্তিক ইন্টাৰ্নশ্বিপ থকা উচিত ৷

            তত্ব বিষয়ক পাঠ আৰু ব্যৱহাৰিক বিষয়ৰ সাঁজোন এটা নিৰ্দ্দিষ্ট অনুপাতত থকাটো উচিত আৰু ইয়াক অনুমোদিত গোট/দলে নিৰ্দ্ধাৰণ কৰে ৷ শিক্ষকৰ শিক্ষাৰ ৰাষ্ট্ৰীয় কাৰিকুলাম আধাৰৰ বিস্তৃত নিয়মাবলীৰ আওঁতাৰ মাজত থাকি নিজ ৰাজ্য অথবা অঞ্চলৰ বাবে গ্ৰহণ কৰিবলগীয়া দিশ কৰিকুলামত প্ৰতিফলিত হোৱা উচিত ৷ তথ্য সৰবৰাহ প্ৰযুক্তি (ICT) যোগ শিক্ষা আৰু বিশেষভাৱে সক্ষমসকলৰ বাবে শিক্ষা পাঠ্যক্ৰমৰ অখণ্ড অংশ হোৱা উচিত ৷"

বিদ্যালয়ৰ বাবে শিশু বন্ধুত্ব সূলভ শিক্ষকৰ প্ৰয়োজন আৰু এনেধৰণৰ শিক্ষক প্ৰস্তুত  কৰাৰ দায়িত্ব শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ ৷ অবহেলিত, অপব্যৱহৃত, সংঘৰ্ষ পীড়িত আৰু  শোষিত শিশুসকলক কেনেদৰে চম্ভালিব, সেই সন্দৰ্ভত শিক্ষকসকলে নিজকে প্ৰস্তুত কৰা উচিত তথা সক্ষম হ'ব লাগিব ৷ তেখেতসকলে শিশুৰ অধিকাৰ সন্দৰ্ভত জনাৰ উপৰিও সমাজত এই সন্দৰ্ভত সজাগতা আনিবলৈ আৰু শ্ৰেণীত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলে নিজকে তেনেকৈ অনুভব কৰিব পাৰে, সেই বিষয়ত সক্ষম হ'ব লাগিব ৷ সেয়েহে ডি,এল,এড পাঠ্যক্ৰমত শিশু সুৰক্ষা বিষয়টো অন্তৰ্ভুক্ত কৰাটো নিত্যান্তই অপৰিহাৰ্য আৰু শিক্ষকে যাতে ইয়াক জ্ঞাত হয় আৰু বিদ্যালয়  তথা সমাজত শিশু বন্ধুত্ব সূলভ পৰিবেশৰ বিকাশ ঘটে ৷ সফল বিদ্যালয় দূৰ্যোগ ব্যৱস্থাপনা আৰু বিদ্যালয় নিৰাপত্তাৰ বাবে বিস্তৃত বিদ্যালয় নিৰাপত্তা আৰু সুৰক্ষাৰ বিষয়টো অন্য এক গুৰুত্বপূৰ্ণ ৷ সম্ভাৱনাপূৰ্ণ শিক্ষকসকলৰ এটা সাধাৰণ জ্ঞানৰ লগতে বিদ্যালয়ত দূৰ্যোগ  প্ৰশমন হৃাস কৰণৰ ক্ষেত্ৰত প্ৰয়োজনীয় প্ৰস্তুতিৰ বিষয়টো এই চিন্তাৰ উদ্দেশ্য ৷ শিশুসকল যাতে যিমান সম্ভৱ নিৰাপত্তা নিশ্চিত কৰা আৰু শিক্ষাৰ অধিকাৰ উপভোগ কৰাটো দৰকাৰ ৷ বিদ্যালয়বিলাক যাতে শিকন থলীতকৈ উৰ্দ্ধত থকাটো প্ৰয়োজন ৷

দূৰ্যোগৰ পিচত শিক্ষা সেৱা পুনৰুদ্ধাৰ কৰা আৰু নতুনকৈ বিদ্যালয় খোলা কাৰ্যই সমাজত প্ৰাক  অভাৱনীয় নিয়মমাফিক কাৰ্য পুনৰুদ্ধাৰৰ ক্ষেত্ৰত অনবদ্য ভূমিকা গ্ৰহণ কৰে ৷

ফলাফল/প্ৰভাৱ :

  • ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদৰ ২০১৪ নিৰ্দেশনাৱলীৰ ভিত্তি কৰি ডি,এল,এড পাঠ্যক্ৰমৰ পুন:  সংশোধন ৷ নতুন পাঠ্যক্ৰমত এন,চি,টি,ইৰ নিৰ্দেশনা ২০১৪ৰ লেখীয়া শিশু অধিকাৰ, দূৰ্যোগ  ব্যৱস্থাপনা আৰু  প্ৰশমন আৰু বিদ্যালয় সুৰক্ষা, যোগ শিক্ষা আদিৰ সংযোজন ৷
  • কৰ্ত্তৃত্বশীল প্ৰাধিকাৰীৰ অনুমোদনৰ সৈতে পৰৱৰ্ত্তী শিক্ষা বৰ্ষৰ পৰা এই পাঠ্যক্ৰম প্ৰয়োগৰ ব্যৱস্থা হ'ব ৷

শিক্ষকৰ বাবে প্ৰশিক্ষণ প্ৰয়োজনীয়তা বিশ্লেষণ আহিলা প্ৰস্তুত কৰা :

শিক্ষকৰ বাবে প্ৰশিক্ষণ যুক্তিসংগত হ'ব লাগে আৰু বৰ্তমানৰ দক্ষতা পৰ্যায় বৃদ্ধিৰে তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা হোৱা উচিত ৷ এটা নিৰ্দিষ্ট তন্ত্ৰত থকা সকলো শিক্ষকৰ প্ৰশিক্ষণ আৰু  দক্ষতা বিকাশৰ বাবে প্ৰয়োজনীয় সকলো তথ্য প্ৰশিক্ষণ প্ৰয়োজনীয়তা বিশ্লেষনে যোগান ধৰে ৷ আগন্তুক বৰ্ষৰ প্ৰশিক্ষণ পৰিকল্পনাৰ সমগ্ৰ তথ্য তথা ই প্ৰশিক্ষণ পৰিকল্পনাৰ এক মুখ্য পদক্ষেপ তন্ত্ৰই যোগান ধৰে ৷ ই যোগান ধৰে :

  • জ্ঞান, দক্ষতা আৰু ৰাপৰ বৰ্তমান আৰু প্ৰয়োজনীয় পৰ্যায়ৰ যি ঘাটি তাক বাচি উলিওৱা
  • প্ৰশিক্ষণৰ সাধাৰণ বিষয়বস্তু কেনে হোৱা উচিত তাক বাচি উলিওৱা
  • প্ৰশিক্ষণ পৰিকল্পনাৰ আধাৰ গঠন কৰা
  • প্ৰশিক্ষণ পৰিকল্পনাৰ মূল্যায়নৰ ভিত্তিৰেখা যোগান ধৰা
  • সঠিক আৰু সময় উপযোগী প্ৰশিক্ষণ প্ৰদানৰ নিশ্চিতি
  • সমলৰ সৰ্বাধিক ব্যৱহাৰ

প্ৰশিক্ষণ প্ৰয়োজনীয়তা বিশ্লেষণৰ লাভালাভ :

  • গুণগত কাৰ্যকৰণ লক্ষ্য চিনাক্তকৰণ আৰু এই লক্ষ্য শিক্ষকে আহৰণ কৰিবলৈ প্ৰয়োজনীয় জ্ঞান, দক্ষতা আৰু সক্ষমতা বাচি উলিওৱা
  • জিলা, খণ্ড আৰু মণ্ডল অনুযায়ী বিদ্যালয়বোৰৰ প্ৰশিক্ষণৰ ঘাটি চিনাক্তকৰণ
  • পোনপটীয়া সমল যোগানৰ ক্ষেত্ৰত সাহায্য হৈছে সৰ্বোত্তম প্ৰাধান্যতা
  • গুণগত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত প্ৰয়োজনীয় সমলসমূহৰ নিৰ্দেশনা

ফলাফল/প্ৰভাৱ :

  •  প্ৰয়োজনীয়তা বিশ্লেষণে শিক্ষকক নিম্নোক্ত প্ৰশ্নৰ সমাধান আগবঢ়ায় :
  • সমস্যা কি? এইটো প্ৰশিক্ষণ সম্পৰ্কীয় সমস্যানে?
  • মূল দক্ষতা ফাঁক/ঘাটিসমূহ কি?
  • কিমান শিক্ষকক প্ৰশিক্ষণৰ প্ৰয়োজন?
  • সময়সূচী/জটিল সময়সূচীৰ নিৰ্দ্ধাৰিত তাৰিখ কি?
  • শিক্ষকসকলক ৰেহাই দিয়াৰ সঠিক সময় কেতিয়া?
  • ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমে শিক্ষকসমূহৰ প্ৰশিক্ষণ প্ৰয়োজনীয়তা বাচি উলিওৱাৰ কাম হাতত লৈছে ৷ এই সকলোবোৰ শিক্ষক প্ৰশিক্ষণত প্ৰয়োজনসমূহ বিশ্লেষণ কৰি প্ৰয়োজনভিত্তিক প্ৰশিক্ষণ আঁচনি প্ৰস্তুত কৰিব ৷

লোকসংখ্যা শিক্ষাৰ কোষ

PE

  • শিক্ষক প্ৰশিক্ষক আৰু শিক্ষকসকলৰ কাৰণে জনসংখ্যা শিক্ষাৰ ওপৰত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা।
  • জনসংখ্যা শিক্ষা আৰু পৰ্য্যাবৰণৰ কৌশল আৰু বিষয়বস্তু সম্পৰ্কে শিক্ষাবিদসকলৰ লগত আলোচনা।
  • শিক্ষক প্ৰশিক্ষক আৰু শিক্ষকসকলৰ কাৰণে পৰ্য্যাবৰণৰ শিক্ষাৰ ওপৰত প্ৰশিক্ষণৰ আয়োজন।

বিশেষভাৱে ফকাচ গোট, বিশেষভাৱে অভাৱগ্ৰস্থ শিশু আৰু শৈশৱকালৰ তত্বাৱধান আৰু শিক্ষাৰ বিভাগ

  • গণিত (I-VIII শ্ৰেণী), অসমীয়া(I-VI, VIII শ্ৰেণী), পৰিৱেশ বিজ্ঞান(III-V), বিজ্ঞান(VI-VII), সমাজ বিজ্ঞান(VI-VIII) ৰ কাৰণে ব্ৰাইলি পাঠ্যপুথি উন্নত কৰা।
  • হিন্দী, নেপালী, মণিপুৰী, গাৰো আৰু হামাৰ ভাষাৰ মাধ্যমত ক শ্ৰেণীৰ কাৰ্য্যপুথিক উন্নত কৰা।
  • ছোৱালীৰ শিক্ষা আৰু ক্ষমতায়নৰ কাৰণে কামৰূপ জিলাৰ প্ৰাথমিক স্তৰৰ শিক্ষকৰ কাৰণে বিশেষ কাৰ্য্যক্ৰম।
  • ছোৱালী শিক্ষাৰ ওপৰত শিক্ষক প্ৰশিক্ষণ মডিউলৰ উন্নয়ন।
  • বিষ্ণুপুৰীয়া মণিপুৰী, ৰাভা, দেউৰি, তিৱা, মিচিং আৰু টাই আদি অনান্য ভাষাত ক শ্ৰেণীৰ কাৰ্য্যপুথিক উন্নত কৰা।
  • এন.চি.আৰ.টি.ৰ হাতপুথিৰ ওপৰত ভিত্তি কৰি সমেত শিক্ষাত শিক্ষকসকলৰ হাতপুথি উন্নত কৰা।
  • শিক্ষক শিকণ সংস্থাৰ শিক্ষক প্ৰশিক্ষকৰ বাবে সমেত শিক্ষাৰ শিক্ষকৰ হাতপুথিৰ ওপৰত মূল সমল ব্যক্তিৰ প্ৰশিক্ষণ।
  • আই.ই. ৰ দৃষ্টিকোণৰ পৰা ডি.এল.এড. ৰ পৰ্য্যালোচনা।
  • ৰাজ্যিক শৈক্ষিক কৰ্তৃত্ব, অসমৰ বিশেষভাৱে ফকাচ গোট, চি.ডব্লিউ.এচ.এন. আৰু ই.চি.চি.ই. ৰ সহযোগত  এন.চি.আৰ.টি. নতুন দিল্লীৰ প্ৰাথমিক শিক্ষা বিভাগৰ দ্বাৰা “উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমিক বিদ্যালয়বোৰৰ প্ৰাক প্ৰাথমিক শিক্ষাৰ কাৰণে শৈক্ষিক সুবিধাৰ এক অধ্যয়ন” নামেৰে এক গৱেষণা অধ্যয়ন কৰা হয়।
  • সমেত শিক্ষাৰ মূল সমল ব্যক্তিৰ প্ৰশিক্ষণ কাৰ্য্যসূচীত ফেকাল্টিসকলে অংশগ্ৰহণ কৰে।
  • শিক্ষক আৰু শৈশৱকালত শিক্ষাৰ অনুশীলনৰ ওপৰত এন.চি.আৰ.টি. নতুন দিল্লীৰ প্ৰাথমিক শিক্ষা বিভাগৰ দ্বাৰা ৯ৰ পৰা ১১ নৱেম্বৰ ২০১৬ লৈ অনুষ্ঠিত হোৱা তিনিদিনীয়া ৰাষ্ট্ৰীয় পৰামৰ্শ সন্মিলনত ফেকাল্টিসকলে অংশগ্ৰহণ কৰে।

শৈক্ষিক ব্যৱস্থাপনা আৰু পৰীক্ষাৰ সংস্কাৰ বিভাগ 

  • ২০১৬ বৰ্ষৰ ৪ ৰ পৰা ৬ অক্টোবৰলৈ প্ৰশ্ন কাকত সজোৱা প্ৰণালীৰ ওপৰত কৰ্মশালা আয়োজন কৰা হয়।
  • দুবছৰীয়া প্ৰাথমিক শিক্ষাৰ ডিপ্লোমা পাঠ্যক্ৰমত প্ৰৱেশৰ কাৰণে পূৰ্ব প্ৰৱেশ পৰীক্ষাৰ আয়োজন কৰা হয়।
  • পূৰ্ব প্ৰৱেশ পৰীক্ষাৰ ফলাফল ঘোষণা।
  • ২ বছৰীয়া ডি.এল.এড. পাঠ্যক্ৰমত নামভৰ্তি। এন.চি.টি.ই. স্বীকৃতিপ্ৰাপ্ত ৰাজ্যখনৰ বিভিন্ন শিক্ষক শিকণ সংস্থাসমূহৰ মাধ্যমেৰে ৰাজ্যৰ সাম্ভাব্য শিক্ষকসকলৰ(প্ৰাক সেৱা) কাৰণে ২ বছৰীয়া ডি.এল.এড পাঠ্যক্ৰম আয়োজন কৰা।
  • ৰাজ্যৰ ডায়েট, বিটিচি আৰু সাধাৰণ বিদ্যালয়সমূহত ২ বছৰীয়া ডি.এল.এড পাঠ্যক্ৰমৰ চেমিষ্টাৰ সমাপ্তিৰ( ৪ টা চেমিষ্টাৰ)মূল্যায়নৰ আয়োজন কৰা।

গ্ৰন্থাগাৰ আৰু আলেখ্যন কোষ

ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ গ্ৰন্থাগাৰ আৰু আলেখ্যন কোষ অকল ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ শিকন সমল কেন্দ্ৰই নহয়, প্ৰয়োজনানুসাৰে ইয়াৰ অধীনস্থ শিক্ষক শিক্ষাৰ প্ৰতিষ্ঠানসমূহকো ই সেৱা আগবঢ়ায় ৷ এই গ্ৰন্থাগাৰ হ'ল অনুষ্ঠানখনৰ এক অবিচ্ছেদ্য অংশ ৷ এই গ্ৰন্থাগাৰত ইংৰাজী ভাষা আৰু সাহিত্য, অসমীয়া ভাষা আৰু সাহিত্য, হিন্দী ভাষা আৰু সাহিত্য, সুকুমাৰ কলা, বংগ সাহিত্য, শিক্ষা, পৰিৱেশ বিজ্ঞান, মহিলা অধ্যয়ন, ৰাজনীতি বিজ্ঞান, সংগীত, বিজ্ঞান, কম্পিউটাৰ বিজ্ঞান, পাঠ্যপুথি আদি বিষয়ৰ পুথি আছে ৷ প্ৰসঙ্গ পুথি যেনে- সাধাৰণ আৰু বিষয়ভিত্তিক অভিধান, সাধাৰণ আৰু বিষয়ভিত্তিক বিশ্বকোষ, ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ দ্বাৰা প্ৰস্তুত কৰা পাঠ্যপুথি এই গ্ৰন্থাগাৰত সংগৃহীত হৈ  আছে ৷ ইয়াৰ উপৰি স্কুলীয়া শিক্ষাৰ কেৰিকুলাম আৰু শিক্ষক শিক্ষাৰ ডি,এল,এড আৰু বি,এড  পাঠ্যক্ৰমৰ পৰিপূৰক অভ্যসন পুথিও এই আলেখ্যন কোষত আছে ৷ ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ গ্ৰন্থাগাৰ আৰু আলেখ্যন কোষে ২০১৮-১৯ ইং বৰ্ষত সম্পন্ন কৰা কাৰ্যাৱলী এনেধৰণৰ -

১) নতুন পুথি ক্ৰয় : ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ গ্ৰন্থাগাৰ আৰু আলেখ্যন কোষ ক্ৰমাগতভাৱে বিকশিত হৈ আহিছে ৷ এই কোষত এই পৰ্যন্ত বিভিন্ন বিষয়ৰ   ১৩,৫৫৬ খন কিতাপ সংগৃহীত হৈ আছে ৷ ইং ২০১৮-১৯ বিত্তীয় বৰ্ষত ভিন ভিন বিষয়ৰ মুঠ ৮৮   খন পুথি ক্ৰয় কৰা হৈছে আৰু এই গ্ৰন্থাগাৰৰ সংগৃহীত মুঠ কিতাপৰ লগত সন্নিহিত কৰা হৈছে ৷

২) আলোচনী ক্ৰয় :- ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ,অসমৰ দ্বাৰা প্ৰকাশিত গৱেষণা আলোচনী এই গ্ৰন্থগাৰত আছে ৷ এই কোষৰদ্বাৰা স্থানীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুঠ ৬ খন শিক্ষা বিষয়ৰ আলোচনী ক্ৰয় কৰা হৈছে ৷ ইয়াৰ উপৰি বিভিন্ন সংস্থাৰ পৰা উপহাৰৰূপে পোৱা কিছুসংখ্যক আলোচনীও এই গ্ৰন্থালয়ত আছে ৷

৩) গ্ৰন্থালয়ত বাতৰি কাকত :- বৰ্তমান ২খন  ইংৰাজী আৰু ৩ খন অসমীয়া দৈনিক বাতৰি কাকত এই গ্ৰন্থালয়ত নিয়মিতভাৱে ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷

৪) বিনামূলীয়া ই-সমল ডাটাবেছ :- এই গ্ৰন্থগাৰত বিনামূলীয়া ই-সমল ডাটাবেছ jstor-www.jstor.org আৰু এন ডি এল –http://ndl.iitkgp.ac.in উপলব্ধ হোৱাৰ ব্যৱস্থা কৰা হৈছে ৷

৫) SOUL ছফটৱেৰত ডাটা অন্তৰ্ভুক্তি :- ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ,অসমৰ গ্ৰন্থাগাৰ আৰু আলেখ্যন কোষৰ পুথি আৰু নথিসমূহৰ বিৱৰণী তথ্যসমূহ SOUL ছফটৱেৰত অন্তৰ্ভুক্ত কৰা হৈছে ৷

৬) কিতাপ দিয়া আৰু লোৱা সেৱা:- এই গ্ৰন্থালয়ে ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ,অসমৰ শৈক্ষিক বিষয়া আৰু কৰ্মচাৰী, শিক্ষক শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ শৈক্ষিক বিষয়া           আৰু গবেষক ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনবোধে এই সেৱা আগবঢ়াই আহিছে ৷

৭) সাম্প্ৰতিক সজাগতা সেৱা (CAS):- এই সেৱা ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ শৈক্ষিক বিষয়াসকলক আগবঢ়াই অহা হৈছে ৷

৮) ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ ২০১৭-১৮ বৰ্ষৰ বাৰ্ষিক প্ৰতিৱেদন প্ৰকাশ: ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ,অসমে নিয়মিতভাৱে বছৰটোত সম্পন্ন কৰা কাৰ্যাৱলীসমূহৰ বাৰ্ষিক প্ৰতিবেদন প্ৰকাশ কৰি আহিছে ৷ ইং ২০১৮-১৯ বিত্তীয় বৰ্ষত সম্পন্ন কৰা কাৰ্যাৱলীসমূহ অন্তৰ্ভুক্ত কৰি ২০১৭-১৮ বৰ্ষৰ বাৰ্ষিক প্ৰতিৱেদন প্ৰকাশ কৰা হৈছে ৷

৯) বাৰ্ষিক কৰ্ম আচনি আৰু বাজেট ২০১৮-১৯ :- কেন্দ্ৰীয় চৰকাৰে পৃষ্ঠপোষকতা কৰা শিক্ষক শিক্ষাৰ ওপৰত বাৰ্ষিক কৰ্ম আচনি আৰু বাজেট প্ৰস্তুত কৰাটো হ'ল ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ এক নিয়মীয়া কাৰ্যসূচী ৷ এই কৰ্ম আচনি প্ৰতিবছৰে ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰ্যালয়ক দাখিল কৰিব লাগে ৷ বাৰ্ষিক কৰ্ম আচনি আৰু বাজেট ২০১৮-১৯ প্ৰস্তুতিৰ সময়ত ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসমৰ গ্ৰন্থালয়ত থকা নথি, ৰিপোৰ্ট আৰু শিক্ষক শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ পৰা লব্ধ আচনিসমূহ ব্যৱহৃত হৈছে ৷

বিজ্ঞান আৰু গণিত বিভাগ

NCERTত উল্লেখিত ধৰণে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিভিন্ন মাধ্যমত বিজ্ঞানৰ পাঠ্যপুথি প্ৰস্তুত কৰা হয়।

  • স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ৰাজ্যিক স্তৰত বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠিত কৰে।
  • ভিডিঅ’ কনফাৰেন্সসমূহত এই বিভাগৰ প্ৰতিনিধিসকলে সমল ব্যক্তি হিচাপে উপস্থিত থাকে।
  • শিশুৰ যত্ন আৰু শিক্ষা বিষয়ক শিক্ষকসকলৰ বাবে পাঠ্যপুথি আৰু হাতবহী প্ৰস্তুত কৰি উলিয়ায়।
  • BRP সকলৰ বাবে শিশুৰ যত্ন আৰু শিক্ষাৰ ওপৰত প্ৰশিক্ষণৰ ব্যৱস্থা কৰে।
  • বিজ্ঞান বিষয়ক মাপাংক প্ৰস্তুত কৰা
  • KRP প্ৰশিক্ষণৰ ব্যৱস্থা কৰা
  • গণিত আৰু বিজ্ঞান বিষয়ত শিক্ষকসকলক প্ৰশিক্ষণ দিয়া
  • প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ বাবে বিজ্ঞানৰ হাতবহী প্ৰস্তুত কৰা
  • বিজ্ঞানৰ ‘কিট্ বক্স’ প্ৰস্তুত কৰা

ভাষা  বিভাগ

language

  • অধ্যয়নৰ বিষয়বস্তু – শিক্ষক আৰু শিশু উপযোগী উপাদান আৰু ইংৰাজী ভাষা শিক্ষা।
    প্ৰধান তত্বাৱধায়ক – ড০ মিজো প্ৰভা বৰা
    সহযোগী – ড০ জ্যোতিফুল বৰুৱা
  • ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ (RMSA) লগত সহযোগিতা-
    1. কৰ্মৰত হিদ্নী বিষয় শিক্ষকসকলৰ বাবে প্ৰশিক্ষণৰ খচৰা প্ৰস্তুত। SCERTৰ সমন্বয়ক – শুৱলা দত্ত শইকীয়া (২০১৫)
    2. উচ্চতৰ মাধ্যমিকত কৰ্মৰত ইংৰাজী বিষয় শিক্ষকসকলৰ বাবে প্ৰশিক্ষণৰ খচৰা প্ৰস্তুত। SCERTৰ সমন্বয়ক – ড০ মিজো প্ৰভা বৰা (২০১৬)
    3. “My English Activity Book 2016-17” – ড০ মিজো প্ৰভা বৰা।
    4. নেতৃত্ব বিষয়ক প্ৰশিক্ষণৰ অনুবাদ – ড০ জুতিফুল বৰুৱা আৰু ড০ মিজো প্ৰভা বৰা (SCERTৰ পৰা)