মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ

লক্ষ্য আৰু অভিযান

Mission and Vision

লক্ষ্য

ৰাজ্যখনৰ প্ৰাথমিক আৰু উচ্চতৰ মাধ্যমিক স্তৰৰ শিক্ষক আৰু বিদ্যালয়সমূহৰ লক্ষণীয় গুণগত পৰিৱৰ্তৰ বাবে চেষ্টা কৰা।

অভিযান

  • শিক্ষাৰ অধিকাৰ আইন , ২০০৯ ত উল্লেখিত ধৰণে শিক্ষক প্ৰস্তুত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা।
  • শিক্ষক শিকণ সংস্থাসমূহৰ আন্তঃগাঁথনিৰ উন্নয়নৰ জৰিয়তে আৰু মানৱ সম্পদৰ উন্নয়নৰ জৰিয়তে শিক্ষক শিক্ষাৰ উন্নতি ঘটোৱা।
  • পাঠ্যপুঠি প্ৰণয়ন, প্ৰস্তুত, ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ন, গৱেষণা আৰু শিক্ষকসকলৰ পেছাদাৰীত্ব বৃদ্ধিৰ ক্ষেত্ৰত ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদক এটি মুখ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলা।
  • ছাত্ৰ- ছাত্ৰীৰ সামৰ্থ্য অনুসৰি শিকণৰ ব্যৱস্থা কৰা।
  • শিক্ষক শিকণ সংস্থাসমূহৰ বাবে প্ৰয়োজনীয় আৰু ফলপ্ৰসূ নিৰীক্ষণ ব্যৱস্থাৰ গঢ়ি তোলা।
  • বিদ্যালয়সমূহত প্ৰদান কৰা শিক্ষাৰ মান উন্নত কৰাৰ স্বাৰ্থত অন্যান্য বিভাগসমূহ যেনে সৰ্ব শিক্ষা অভিযান, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, বিশ্ববিদ্যালয়ৰ বিভাগসমূহ, প্ৰাথমিক শিক্ষা সঞ্চালকালয়, ছেবা, অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ আদিৰ সৈতে সম্পৰ্ক স্থাপন কৰা আৰু সমন্বয় ৰক্ষা কৰা।
  • গুৰুত্বপূৰ্ণ আঁচনি প্ৰস্তুতৰ ক্ষেত্ৰত গৱেষণাৰ জৰিয়তে গুণগত পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰা।