মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ

কাৰ্য্য আৰু উদ্দেশ্য

কাৰ্য্য

  • ৰাজ্যখনত শিক্ষক শিকণ আৰু বিদ্যালয়সমূহৰ শিক্ষাৰ মান উন্নত কৰা আৰু এই দিশত ৰাজ্য চৰকাৰক সময়োচিত আৰু যতপৰোনাস্তি সহায় সহযোগিতা প্ৰদান কৰা।
  • ৰাজ্যখনৰ প্ৰাথমিক বিদ্যালয়সমূহত এন.চি.আৰ.টি.ৰ পৰামৰ্শ অনুযায়ী সকলো মাধ্যমত শিশুৰ প্ৰয়োজনায় আৰু বয়স অনুকূল পাঠ্যপুথি যুগুত কৰা।
  • বিদ্যালয়ৰ শিক্ষা আৰু শিক্ষক শিকণৰ ওপৰত ৰাজ্যখনৰ প্ৰয়োজনীয় গৱেষণা সম্পন্ন কৰা আৰু এনে গৱেষণালব্দ ফলাফলসমূহ শিক্ষাৰ গুণগত মান বৃদ্ধিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা।
  • ৰাজ্যখনত কৰ্মৰত শিক্ষকসকলৰ প্ৰশিক্ষণৰ বাবে প্ৰশিক্ষকৰ হাতপুথি প্ৰস্তুত কৰা।
  • শৈক্ষিক ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে আন আন অনুষ্ঠান- প্ৰতিষ্ঠানলৈও সহায় আগবঢ়োৱা।
  • শিক্ষক শিকণ আৰু বিদ্যালয়সমূহৰ বাবে পৰ্য্যবেক্ষণ ব্যৱস্থা শক্তিশালী কৰি তোলা।
  • শৈক্ষিক দিশত ৰাজ্য চৰকাৰে সময়ে সময়ে দিয়া অতিৰিক্ত দায়িত্ব পালন কৰা।

উদ্দেশ্য

  • ৰাষ্ট্ৰীয় পাঠ্যক্ৰম ৰূপৰেখাত উল্লেখিত ধৰণে ৰাজ্যখনৰ শিক্ষকসকলৰ বাবে শি৭ক শিক্ষাৰ পাঠ্যক্ৰম যুগুত কৰা।
  • শিক্ষক আৰু শিক্ষক প্ৰশিক্ষকসকলৰ বাবে সময়ে সময়ে হস্কালীন প্ৰশিক্ষণৰ ব্যৱস্থা কৰা।
  • ৰাষ্ট্ৰীয় পাঠ্যক্ৰম ৰূপৰেখাৰ অধীনত বিদ্যালয়ৰ পাঠ্যক্ৰম আৰু পাঠ্যপুথি যুগুত কৰা।
  • ৰাষ্ট্ৰীয় পাঠ্যক্ৰম ৰূপৰেখাৰ অধীনত শিক্ষক শিকণ পাঠ্যক্ৰম প্ৰস্তু কৰা আৰু ইয়াৰ পৰ্য্যালোচনা কৰা।
  • শিক্ষক শিকণ পাঠ্যক্ৰম সম্বন্ধীয় সমল লিখিত ৰূপত প্ৰস্তুত কৰা।
  • শিক্ষক শিকণ সংস্থা আৰু বিদ্যালয়ৰ বাবে শৈক্ষিক দিনপঞ্জী প্ৰস্তুত কৰা।
  • বিদ্যালয় আৰু শিক্ষক শিকণ সংস্থাসমূহত চিচিই সফলভাৱে প্ৰযোজ্য হোৱাৰ বাবে সময়ে সময়ে নিৰ্দেশাৱলী প্ৰস্তুত কৰা।
  • ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ আৰু শিক্ষক শিকণ সংস্থাসমূহৰ বাবে বাৰ্ষিক বাজেট, বাৰ্ষিক কাৰ্য্যসূচী আৰু বিস্তৃত কাৰ্য্যসূচী প্ৰস্তু কৰা।

গৱেষণা আৰু সমীক্ষা

  • ৰাজ্যখনৰ বিদ্যালয়সমূহৰ শিক্ষাৰ গুণগত মান বিকাশ আৰু শিক্ষক শিকণৰ উন্নয়নৰ বাবে সময়ে সময়ে শৈক্ষিক গৱেষণা আৰু সমীক্ষা সম্পন্ন কৰা।
  • ৰাজ্যখনৰ বিদ্যালয়সমূহৰ শিক্ষা আৰু শিক্ষক শিকণৰ ওপৰত সময়ে সময়ে ৰাষ্ট্ৰীয় স্তৰৰ আলোচনা চক্ৰ আৰু সন্মিলন আদি অনুষ্ঠিত কৰা।
  • গৱেষণালব্ধ ফলাফলসমূহৰ বিষয়ে আঁচনি প্ৰস্তুত কৰ্তসকল, প্ৰশাসনীক বিষয়াসকল, তৃণমূল পৰ্য্যায়ৰ অনুষ্ঠানসমূহক অৱগত কৰোৱা।

সম্প্ৰসাৰণ

  • ৰাজ্যখনৰ বিদ্যলয় শিক্ষা আৰু শিক্ষক শিকণ ব্যৱস্থাক নব্য ৰূপ দিয়াৰ ক্ষেত্ৰতৰু শিক্ষক শিকণ আঁচনি পুনঃগঠন কৰাৰ বাবে সৰ্বশিক্ষা অভিযান, ইউনিচেফ, এন.চি.ই.আৰ.টি., ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান আৰু ছপা আৰু বৈদ্যুতিক মাধ্যম আৰু অন্যান্য প্ৰতিষ্ঠান আদিৰ সৈতে সহযোগ বৃদ্ধি কৰা।
  • ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে ২০১২ বৰ্ষত জাৰি কৰা নিৰ্দেশাৱলী অনুসৰি ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদক ৰাজ্যখনত নতুন ৰূপত গঢ়ি তোলা।
  • ভাৰত চৰকাৰৰ নিৰ্দেশাৱলী অনুসৰি ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ আৰু শিক্ষক শিক্ষা সংস্থাসমূহক শক্তিশালী কৰি তোলা।
  • বিধি অনুসৰি ন ন শিক্ষক শিকণ সংস্থা স্থাপন কৰা।
  • ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ আৰু শিক্ষক শিক্ষা সংস্থাসমূহত কৰ্মৰত অধ্যাপকসকলৰ সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত যথোচিত ভূমিকা গ্ৰহণ কৰা।
  • ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ আৰু শিক্ষক শিক্ষা সংস্থাসমূহৰ আন্তঃগাঠনি, শিক্ষকবৃন্দৰ উন্নয়নৰ বাবেনিৰ্ধাৰিত অৰ্থৰ উচিত ব্যৱহাৰ কৰা।