মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ

ৰাজ্যিক শৈক্ষিক কৰ্তৃত্ব

শিক্ষাৰ অধিকাৰ আইন,২০১৯ৰ ধাৰা ২৯(১)ত উল্লেখিত ধৰণে অসম চৰকাৰে এক বিভাগীয় নিৰ্দেশনা/জাননীৰ জৰিয়তে (PMA 627/2010/34) তাং ৬ জুন, ২০১১ চনৰ দিনাখন ৰাজ্যিক শৈক্ষিক কৰ্তৃত্বৰ কাম-কাজ আৰম্ভ কৰে। এই বিভাগৰ প্ৰথম আৰু প্ৰধান দায়িত্ব হৈছে ৰাজ্যখনৰ প্ৰাথমিক শিক্ষা খণ্ডৰ বাবে পাঠ্যপুথি প্ৰস্তুত কৰা আৰু শিক্ষাখণ্ডৰ মূল্যাংকন কৰা। এই ক্ষেত্ৰত ৰাজ্যিক শৈক্ষিক কৰ্তৃত্বই পাঠ্যক্ৰম আৰু মূল্যাংকন প্ৰক্ৰিয়াক বিকশিত কৰাৰ বাবে নিম্নোল্লেখিত লক্ষ্যসমূহৰ বাবে কাম কৰে।

  • শিশুৰ সৰ্বাংগীন বিকাশ সাধন
  • শিশুৰ প্ৰতিভা, জ্ঞান আৰু সম্ভাৱনীয়তাৰ বিকাশ সাধন
  • শিশুৰ শাৰিৰীক আৰু মানসিক উন্নয়ন
  • শিশুকেন্দ্ৰিক আৰু শিশু উপযোগী পৰিবেশত বিভিন্ন কাৰ্য মাধ্যমত শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদানত গুৰুত্ব আৰোপ কৰা
  • শিকাৰ মাধ্যম যিমান দূৰ সম্ভৱ যাতে শিশুৰ মাতৃভাষাতেই হয় তাৰ ওপৰত লক্ষ্য ৰখা
  • ভয়, সংঘাত আৰু উদ্বেগৰ পৰা মুক্ত কৰি শিশুৱে যাতে নিজস্ব মনোভাৱ স্বাধীনভাৱে ব্যক্ত কৰাৰ সুযোগ লাভ কৰে তাৰ প্ৰতি দৃষ্টি দিয়া
  • নিয়মিত আৰু ব্যপক মূল্যাংকনৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনাৱলী প্ৰস্তুত কৰা
  • NCERTৰ নিৰ্দেশনাৱলী অনুসৰি শিশুৰ বয়সোপযোগী পাঠ্যপুথি প্ৰস্তুত কৰা
  • NCTE,২০০৯ৰ নিৰ্দেশনাৱলী অনুসৰি এবছৰীয়া আৰু দুবছৰীয়া প্ৰশিক্ষণৰ আৰ্হি প্ৰস্তুত কৰা
  • কৰ্মৰত শিক্ষকসকল সামৰ্থ বৃদ্ধিৰ বাবে শিক্ষক প্ৰশিক্ষণৰ আৰ্হি প্ৰস্তুত কৰা
  • DICT/BRC অথবা CRCৰ দ্বাৰা বিদ্যালয়সমূহৰ সামগ্ৰীৰ নিৰূপণৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনাৱলী আদি প্ৰস্তুত কৰা।

ইয়াৰ উপৰিও একাডেমীক অ’থ’ৰিটীয়ে-

  • বিশেষ প্ৰশিক্ষণৰ খচৰা, বয়স উপযোগী শিকণ সামগ্ৰীৰ উন্নয়ন আদিৰ বিষয়ত অনুমোদন জনাব লাগে।
  • NCTEৰ নীতি-নিয়ম অনুসৰি ৰাজ্যখনত কোনো শিক্ষকৰ নিয়োগৰ ক্ষেত্ৰত প্ৰয়োজনীয় যোগ্যতা নিৰূপণৰ ক্ষেত্ৰতো অ’থ’ৰিটীয়ে দিহা-পৰামৰ্শ প্ৰদান কৰে।
  • শৈক্ষিক ক্ষেত্ৰত উন্নয়নৰ স্বাৰ্থত চৰকাৰে সময়ে সময়ে প্ৰদান কৰা দায়িত্বসমূহো এই অ’থ’ৰিটীয়ে পালন কৰিব লাগে।

SCERTক শৈক্ষিক কৰ্তৃত্ব হিচাপে ঘোষণা কৰাৰ পিছত-

  • SCERTয়ে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম ৰূপৰেখাত,২০০৫ত উল্লেখিত ধৰণে ৰাজ্যখনতো প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ১০টা মাধ্যমত পাঠ্যপুথিসমূহ নতুনকৈ প্ৰস্তুত কৰি উলিয়ায়।
  • একেদৰে NCFTE ২০০৯ৰ আধাৰত SCERTয়ে কৰ্মৰত শিক্ষকসকলৰ প্ৰশিক্ষণৰ ৰূপৰেখা প্ৰস্তুত কৰে।
  • ২০১৩ চনৰ শৈক্ষিক দিনপঞ্জীত ছাত্ৰ-ছাত্ৰীসকলৰ মূল্যাংকন কৌশল প্ৰস্তুত কৰি উলিয়ায়।
  • ২০১৩ বৰ্ষত সংসাধন প্ৰস্তুত কৰি উলিয়ায়।
  • শিক্ষাৰ অধিকাৰ আইন, ২০০৯ৰ ধাৰা ৪ত উল্লেখিত ধৰণে বিশেষ প্ৰশিক্ষণৰ বাবে পাঠ্যপুথি আৰু কাৰ্যপুথি প্ৰস্তুত কৰি উলিয়ায়।