মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ

অংশীদাৰী কাৰ্যসূচী

ডব্লিউডব্লিউএফ

ডব্লিউডব্লিউএফৰ লগত বহনক্ষম উন্নয়নৰ কাৰণে শিক্ষা প্ৰকল্পৰ প্ৰতিবেদন

পাতনি

সামাজিক আৰু ব্যক্তিগত চিন্তা, বুজাপৰা, মূল্য আৰু ক্ৰিয়াকলাপৰ পৰিৱৰ্তন আনিবৰ কাৰণে এক স্পষ্ট মাধ্যম হৈছে শিক্ষা। কিন্তু বৰ্তমান আমাক যিটো দৰকাৰ সেইটো হৈছে এক ভিন্ন ধৰণৰ শিক্ষা, এটি শিক্ষা যি ৰূপান্তৰিত। পৰিৱৰ্তিত পৃথিৱীত শিক্ষাৰ কিছু বিষয়বস্তুৰ পৰিৱৰ্তনৰ লগতে পাঠদানৰ পদ্ধতিৰো পৰিৱৰ্তনৰ প্ৰয়োজন।

ডব্লিউডব্লিউএফ- ভাৰতে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ আৰু ডায়েটৰ ফেকাল্টিৰ মাজত বহনক্ষম উন্নয়নৰ কাৰণে শিক্ষা আৰু স্থানীয়ভাৱে প্ৰাসংগিক বিষয়ৰ বিশ্লেষণ আৰু পাঠ্যক্ৰমৰ বিভিন্ন বিষয়ে বিশদ বিশ্লেষণ কৰাৰ লগত সম্পৰ্কিত ধাৰণাসমূহৰ মাধ্যমেৰে অৰিয়েণ্টেছন কাৰ্য্যসূচী/ কৰ্মশালাৰ পৰিচালনা কৰে।

অধ্যয়নৰ আৱশ্যকতা

বহনক্ষম উন্নয়নৰ কাৰণে শিক্ষা আজিৰ দিনত আতি প্ৰয়োজনীয় কিয়নো বহনক্ষম উন্নয়নৰ কাৰণে শিক্ষা কেৱল বহনক্ষম উন্নয়নৰ শিক্ষাৰ লগত জড়িত বিষয় নহয় বৰঞ্চ অংশগ্ৰহণৰ জৰিয়তে শিকাৰ প্ৰক্ৰিয়াৰ লগতো জড়িত। ডায়েটৰ বিদ্যালয়সমূহত ডব্লিউডব্লিউএফ- ভাৰতৰ দ্বাৰা আৰম্ভ কৰা বহনক্ষম উন্নয়নৰ কাৰণে শিক্ষাৰ কাৰ্যদক্ষতাক এক উৎসাহজনক প্ৰক্ৰিয়াৰে পৰিচালনা কৰা হয়। এটি আনুষ্ঠানিক পাঠ্যক্ৰমৰ মাজেৰে স্থায়িত্ব/ বহনক্ষম উন্নয়নৰ ধাৰণা আৰু উদ্বেগৰ বিষয়টিক ধৰি ৰাখে, সেইকাৰণে এই অধ্যয়নৰ আৱশ্যকতাক অনুভৱ কৰা হয় কিদৰে বিদ্যালয়ে নিজৰ দৈনন্দিন অনুশীলনত বহনক্ষম উন্নয়নৰ কাৰ্যদক্ষতাক আৰম্ভ কৰে আৰু কেনেকৈ এখন বিদ্যালয়ে নিজৰ সম্পূৰ্ণ বিদ্যালয়ৰ নক্সা আৰু দৃষ্টিভংগীক সক্ৰিয় কৰে।

অধ্যয়নৰ উদ্দেশ্য

সম্পূৰ্ণ বিদ্যালয়ৰ দৃষ্টিকোণৰ ওপৰত ভিত্তি কৰি ডায়েটৰ বিদ্যালয়সমূহত বহনক্ষম উন্নয়নৰ কাৰণে শিক্ষাৰ গতিবিধিসমূহ অধ্যয়ন কৰা।

প্ৰণালীবিদ্যাঃ

নমুনাঃ ডব্লিউডব্লিউএফ- ভাৰতৰ সহযোগত অসমৰ ১৮ খন জিলাত ডায়েটৰ অধীনত ১৮ খন বিদ্যালয় গৃহীত কৰা হয়।
আহিলাঃ সম্পূৰ্ণ বিদ্যালয়ৰ দৃষ্টিভংগীৰ ওপৰত ভিত্তি কৰে যত বহনক্ষম উন্নয়নৰ বিভিন্ন গতিবিধি জড়িত আছে আৰু এইসমূহ নিম্নলিখিত বিষয়ৰ অধীনত ৰখা হৈছে-

  • বিদ্যালয়ৰ তত্ব আৰু সংস্কৃতি শিক্ষাৰ্থীৰ অংশগ্ৰহণ আৰু ক্ষমতায়নত অন্তৰ্ভূক্ত।
  • গুণগত শিক্ষা, বৈচিত্ৰ্য, মূল্যবোধ আৰু মনোভাৱ, বহনক্ষম উন্নয়নৰ কাৰণে শিক্ষাৰ শিক্ষকৰ পেছাদাৰিত্বৰ বিকাশ শিক্ষাদান আৰু শিকাত অন্তৰ্ভূক্ত।
  • সমূদায় অন্তৰ্ভূক্তিকৰণ অভিভাৱক, চৰকাৰ, বিদ্যালয়ৰ বোৰ্ড আৰু সমূদায়ৰ লগত একীকৰণৰ লগত জড়িত।
  • কাগজ আৰু প্লাষ্টিকৰ আৱৰ্জনা, বৈদ্যুতিক আৰু লেব আৱৰ্জনা, ৰান্ধনীশাল আৰু বাগিছাৰ আৱৰ্জনাৰ লগত আৱৰ্জনা ব্যৱস্থাপনাৰ লগত জড়িত
  • বিদ্যালয় ইষ্টেটৰ সৈতে অনাময়, পুষ্টিকৰ, পানী, শক্তি, বিদ্য়ালয় খেলপথাৰ, ভৱন, পুনঃস্থাপন জড়িত।

হস্তক্ষেপঃ

  • ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ/ ডায়েটৰ ফেকাল্টি আৰু শিক্ষকসকলৰ কাৰণে প্ৰশিক্ষণ/ অৰিয়েণ্টেছন কাৰ্য্যসূচী।
  • ৰাজ্যিক শিক্ষা  গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত এক মুখ্য গোটৰ ১৫ টা ডায়েটত বহনক্ষম উন্নয়নৰ কৰণে শিক্ষা সংক্ৰান্ত কাৰ্যক্ৰমৰ বিষয়ে বহনক্ষম উন্নয়নৰ কৰণে শিক্ষাৰ আৰ্হি বিদ্যালয় নিৰীক্ষণৰ কাৰণে গঠন  কৰা হৈছে।
  • ডব্লিউডব্লিউএফ- ভাৰতে শিকণ সামগ্ৰী যেনে মানচিত্ৰ, জ্যামিতি বাকচ, গোলক, পোষ্টাৰ, গ্ৰন্থালয়ৰ কাৰণে কিতাপ আদি আৰ্হি বিদ্যালয়সমূহত যোগান ধৰে।
  • ডব্লিউডব্লিউএফ- ভাৰতে বহনক্ষম উন্নয়নৰ কাৰণে শিক্ষাৰ গতিবিধিসমূহক সংৰক্ষণ কৰাৰ কাৰণে আৰ্থিক সাহাৰ্য প্ৰদান কৰে।

তালিকাভূক্তি প্ৰক্ৰিয়া, শতাংশৰ ঘণনা আনুযায়ী তথ্য উপস্থাপন কৰাৰ বাবে পৰিমাণগত পদ্ধতি গ্ৰহণ কৰা হৈছে।

ফলাফলঃ

সামগ্ৰিকভাৱে দেখা গৈছে যে বহনক্ষম উন্নয়নৰ কাৰণে শিক্ষাৰ কাৰ্যক্ৰমৰ ওপৰত সমগ্ৰ বিদ্যালয়ৰ দৃষ্টিকোণৰ ভিত্তিত ১৬ খন জিলাই ৫০ শতাংশৰ ওপৰত নম্বৰ লাভ কৰিছে। তাৰে ভিতৰত ৯ খন জিলাই ৬০ শতাংশৰ ওপৰত, ৭ খন জিলাই ৭০ শতাংশৰ ওপৰত, দুখন জিলাই ৮০ শতাংশৰ ওপৰত আৰু কেৱল এখন জিলা নগাওঁ ই ৯০ শতাংশৰ ওপৰত লাভ কৰিছে।

শিকাৰ অভিজ্ঞতাঃ

  • এক আৰ্হি বিদ্যলয়ৰ উন্নয়নৰ কাৰণে বিদ্যালয়ৰ ভৱনৰ ক্ষমতা যথেষ্ঠ গুৰুত্বপূৰ্ণ।
  • যদিহে বহনক্ষম উন্নয়নৰ কাৰণে শিক্ষাক সফল কৰিব বিচাৰে তেনেহলে শিক্ষাৰ্থী, শিক্ষক আৰু সমূদায়ৰ মাজত চিনাকী অত্যন্ত গুৰুত্বপূৰ্ণ।

শৈক্ষিক অনুমানঃ

অসম ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে ইতিমধ্যে এন.চি.এফ ২০০৫ ৰ আলোকত পৰিবেশগত বিদ্যা আৰু সমাজ বিজ্ঞানৰ বিষয় ভিত্তিক পাঠ্যক্ৰম প্ৰণয়ন। যদি এই নতুন শিক্ষা বিজ্ঞান LORET ৰ ধাৰণা পাঠ্যক্ৰমৰ ক্ষেত্ৰত অন্তৰ্ভূক্ত কৰা হয় আৰু এই পদ্ধতি পাঠ্যক্ৰমৰ লেনদেনৰ বাবে গৃহীত হয় তেন্তে ইয়াৰ দ্বাৰা শিক্ষাৰ্থীসকল উপকৃত হব। শিক্ষাৰ প্ৰচলিত পদ্ধতিৰ লগত কথোপকথন, বহনক্ষম উন্নয়নৰ কাৰণে শিক্ষাৰ অৰ্থ হল অধিক সমষ্টিগত পদ্ধতি গ্ৰহণ কৰি প্ৰত্যক শিশুকে এটি বহনক্ষম ভৱিষ্যত গঠন কৰিবৰ বাবে প্ৰয়োজনীয় জ্ঞান, দক্ষতা, মনোভাৱ আৰু মূল্য অৰ্জন কৰিবৰ বাবে সক্ষম কৰি তোলা।