মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ

বিদ্যালয়ৰ শিক্ষা

বিদ্যালয়ৰ শিক্ষা

শিক্ষাত ৰাষ্ট্ৰীয় নীতি, ১৯৮৬/৯২ ত গ্ৰন্থিবদ্ধ কৰা শিক্ষাৰ সাৰমৰ্ম আৰু ভূমিকা ইয়াৰ প্ৰণয়নৰহোৱাৰ ২৫ বছৰৰ পিছতো প্ৰাসংগিক হৈ আছে। শিক্ষাত ৰাষ্ট্ৰীয় নীতিত কোৱা হৈছেঃ

  • আমাৰ ৰাষ্ট্ৰীয় ধাৰণা অনুসৰি শিক্ষা সকলোৰে বাবে আৱশ্যক। ই আমাৰ সৰ্বাংগীন উন্নতিৰ কাৰণে মৌলিক বিষয়।
  • শিক্ষাৰ এক আকস্মিক ভূমিকা আছে। ই সংবেদনশীলতা আৰু ধাৰণাসমূহৰ পৰিশোধিত কৰে যি ৰাষ্ট্ৰীয় সংযোগ, বৈজ্ঞানিক মস্তিষ্ক / মন আৰু আত্মাৰ স্বাধীনতাৰ কাৰণে বৰঙণি যোগায়- এইদৰে আমাৰ সংবিধানত নিহিত সমাজতন্ত্ৰ, ধৰ্মনিৰপেক্ষতা আৰু গণতন্তৰ লক্ষ্যক আগবঢ়ায় লৈ যায়।
  • শিক্ষাই বিভিন্ন স্তৰৰ অৰ্থনীতিৰ কাৰণে মানৱশক্তিৰ বিকাশ কৰে। ই এনে এক স্তৰত ৰৈছে যত গৱেষণা আৰু উন্নয়ন উদিত হয়, ৰাষ্ট্ৰীয় আত্মনিৰ্ভৰশীলতাৰ চূড়ান্ত নিশ্চয়তা আছে।
  • মুঠতে, বৰ্তমান আৰু ভৱিষ্যতৰ কাৰণে শিক্ষা হৈছে এক অনন্য বিনিয়োগ। এই প্ৰধান নীতিয়েই হৈছে শিক্ষাৰ ওপৰত ৰাষ্ট্ৰীয় নীতিৰ মূল।

২০১০ বৰ্ষত দেশখনে এক ঐতিসাহিক ধাৰাবাহিকতাৰ ক্ৰম অৰ্জন কৰে যেতিয়া অনুচ্ছেদ ২১-এ আৰু শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন,২০০৯ খন ২০১০ বৰ্ষৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হয়। প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ ক্ষেত্ৰত আমাৰ দেশৰ সংগ্ৰামত অনুচ্ছেদ ২১-এ আৰু শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তন কৰাটো এক স্মৰণীয় পদক্ষেপ। শিক্ষাৰ অধিকাৰ আইনে বিশ্বাস কৰে যে সমতা, সামাজিক ন্যায় আৰু গণতন্ত্ৰ আৰু এক মানৱীয় সমাজৰ নিৰ্মাণ কেৱল সকলোৰে বাবে সমেত প্ৰাথমিক শিক্ষাৰ উপবন্ধৰ মাধ্যমেৰে অৰ্জিত কৰিব পৰা যায়।

ৰাষ্ট্ৰৰ মানৱীয় ক্ষমতাসমূহৰ সম্পূৰ্ণৰূপে নিয়োজিত কৰিবৰ কাৰণে ন্যায়সংগত গুণগতমানৰ শিক্ষা প্ৰদানৰ দৃষ্টিভংগী অনুযায়ী, বিভাগে নিম্নলিখিত উদ্দেশ্যসমূহ নিৰ্দ্ধাৰণ কৰিছেঃ

  • ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ অংশীদাৰিত্বত শিক্ষাৰ জাতীয় আৰু সমন্বিত চৰিত্ৰক শক্তিশালী কৰা।
  • সাংবিধানিক মূল্যবোধৰ কাৰণে এখন সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে সাক্ষৰতা আৰু বিদ্যালয় শিক্ষাৰ গুণগত মান আৰু মানদণ্ড উন্নত কৰা।
  • শিক্ষাৰ অধিকাৰ আইনৰ অধীনত প্ৰদত্ত অধিকাৰৰ সৈতে প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনকৰণ কৰা।গুণগত মাধ্য়মিক শিক্ষাৰ কাৰণে সাৰ্বজনীন সুযোগ।
  • সম্পূৰ্ণৰূপে এক শিক্ষিত সমাজৰ প্ৰতিষ্ঠা কৰা।

উৎসঃ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়

প্ৰাথমিক পৰ্যায়ত প্ৰত্যাশিত শিকনৰ ফলাফল

Downloads
TitleSizeDetail
comprehensive_list_of_textbooks_at_elementary_stage_for_the_year_2020_from_ka-sreni_to_class_viii_0.pdf1.34 MBswf-image
বিদ্যালয়ৰ শিক্ষা