মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ

শিকনৰ ফলাফল

প্ৰাথমিক পৰ্যায়ত প্ৰত্যাশিত শিকাৰ ফলাফলৰ বাবে শিকনৰ ফলাফল কিতাপখন এন.চি.ই.আৰ.টি., নতুন দিল্লীৰ দ্বাৰা শ্ৰেণী ভিত্তিত(প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ) পৰিৱেশ বিদ্যা, বিজ্ঞান, গণিত, সমাজবিদ্যা, হিন্দী, ইংৰাজী আৰু উৰ্দু বিষয়ত প্ৰস্তুত কৰা হৈছে যাতে শিক্ষাৰ্থীসকলৰ মাজত এক শুদ্ধ দিশত শিকাৰ পৰিণাম সুনিশ্চিত কৰাত হিতাধিকাৰীসকলৰ সহায় হয় আৰু সকলোৱে যাতে গুণগত শিক্ষা লাভ কৰে।

ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ উদাহৰণমৰ্মে এন.চি.আৰ.টি.-য়ে শ্ৰেণী ভিত্তিত শিকনৰ ফলাফল উন্নত কৰাৰ কাম হাতত লৈছে। ৰাজ্যখনত শিকনৰ ফলাফলৰ নথিসমূহ যেনে পোষ্টাৰ, লিফলেট, কিতাপ আদিৰ অসম ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা বিভিন্ন আঞ্চলিক ভাষালৈ অনুবাদ কৰা হৈছে যাতে হিতাধিকাৰীসকল ইয়াৰ দ্বাৰা উপকৃত হয়। এইয়া হৈছে আমাৰ দেশৰ শিক্ষাৰ পৰিকল্পনাৰ লক্ষ্য অৰ্জনৰ উদ্দেশ্যে আঞ্চলিক বৈষম্য দূৰ কৰাৰ এটি পদক্ষেপ। এইদৰে ই বিদ্যালয়ৰ শিক্ষাৰ প্ৰাথমিক পৰ্যায়ত শিকাৰ গুণগত উন্নতিৰ কাৰণে শিক্ষক, অভিভাৱক আৰু সম্পূৰ্ণ ব্যৱস্থাৰ বাবে উপযোগী হব।

 শিকনৰ ফলাফল