মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ প্ৰাথমিক শিক্ষা ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ

পাঠ্যপুথিৰ তালিকা

পাঠ্যপুথিৰ তালিকা

অসম ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে ২০১০ চনৰ পৰা এন.চি.এফ-২০০৫ অনুসৰি প্ৰাথমিক স্তৰৰ বাবে নতুন পাঠ্যক্ৰম তৈয়াৰ কৰিছে। এই পাঠ্যপুথিসমূহ এফ.টি.বি আঁচনি অনুসৰি ২০১১ বৰ্ষৰ পৰা ৰাজ্যখনত কাৰ্য্যকৰী কৰা হৈছে। নতুন পাঠ্যক্ৰমসমূহ  নতুন দৰ্শন আৰু দৃষ্টিভংগীৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে যত এন.চি.এফ. ২০০৫ আৰু শিক্ষাৰ অধিকাৰ আইন ২০০৯ অনুযায়ী বিভিন্ন বিষয়ক অন্তৰ্ভূক্ত কৰা হৈছে।

ৰাজ্যখনত শিক্ষাৰ অধিকাৰ আইন ২০০৯ ৰ প্ৰৱৰ্তন হোৱাৰ পাছত, গুণগত শিক্ষাৰ লক্ষ্য প্ৰাপ্তিৰ কাৰণে শিক্ষা-শিকন পদ্ধতিৰ ফলোৎপাদক পৰিৱৰ্তন সুনিশ্চিত কৰাটো পূৰ্ব আৱশ্যকতা হিচাপে পৰিগণিত হৈছে। এই দৃষ্টিকোণৰ পৰা অসম ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে ২০১২ বৰ্ষৰ পৰা প্ৰাথমিক পৰ্যায়ৰ পাঠ্যপুথিসমূহৰ শ্ৰেণী/ মাধ্যম অনুযায়ী বিস্তৃত তালিকা প্ৰণয়নৰ কাম আৰম্ভ কৰে আৰু এফ.টি.বি. আঁচনিৰ অধীনত পাঠ্যপুথিৰ মুদ্ৰণ আৰু বিতৰণ নিশ্চত কৰাৰ বাবে প্ৰত্যেক বছৰে ৰাজ্যিক সৰ্ব শিক্ষা অভিযান কাৰ্য্যালয় আৰু এ.এচ.টি.পি.পি.চি. ক দায়িত্ব অৰ্পণ কৰে।

Downloads
TitleSizeDetail
comprehensive_list_of_textbooks_at_elementary_stage_for_the_year_2019_from_ka-sreni_to_class-viii.pdf1.27 MBswf-image
comprehensive_list_of_textbooks_at_elementary_stage_for_the_year_2020_from_ka-sreni_to_class_viii_0.pdf1.34 MBswf-image
পাঠ্যপুথিৰ তালিকা