ভাৰতবৰ্ষত শিক্ষক শিক্ষা নীতি সময়ৰ লগে লগে বিকশিত হৈছে আৰু শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন সমিতি/ আয়োগৰ প্ৰতিবেদনত সন্নিবিষ্ট থকা অনুমোদনৰ ওপৰত ভিত্তি কৰে, তাৰে ভিতৰত কোঠাৰী আয়োগ(১৯৬৬), চট্টোপাধ্যায় সমিতি(১৯৮৫), শিক্ষাত ৰাষ্ট্ৰীয় নীতি(এন.পি.ই. ১৯৮৬/৯২), আচাৰ্য্য ৰামমূৰ্তি সমিতি(১৯৯০), যছপাল সমিতি(১৯৯৩) আৰু ৰাষ্ট্ৰীয় পাঠ্যক্ৰম ৰুপৰেখা(এন.চি.এফ, ২০০৫) য়েই মুখ্য। ২০১০ বৰ্ষৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯ য়ে দেশত শিক্ষক শিক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে।
দেশৰ বিধিসন্মত গঠনৰ ভিতৰত, যত শিক্ষক শিক্ষাৰ বিস্তাৰিত নীতি আৰু বিধিসন্মত গঠন কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা যোগান ধৰা হয় যদিও বিভিন্ন কাৰ্যসূচী আৰু আঁচনিসমূহক ৰাজ্য চৰকাৰৰ দ্বাৰা বাস্তবায়িত কৰা হয়। বিদ্যালয়ৰ শিশুসকলৰ শিকাৰ উপলব্ধিসমূহৰ উন্নতিৰ ব্যাপক উদ্দেশ্যসমূহৰ ভিতৰত, দুটা ৰণনীতি হৈছে-(ক) বিদ্যালয়ৰ ব্যৱস্থাসমূহৰ কাৰণে শিক্ষকসকলক প্ৰস্তুত কৰা(প্ৰাক-নিযুক্তিকালীন প্ৰশিক্ষণ) আৰু (খ) কৰ্মৰত শিক্ষকসকলৰ ক্ষমতাৰ উন্নতি(নিযুক্তিকালীন প্ৰশিক্ষণ)।
প্ৰাক-নিযুক্তিকালীন প্ৰশিক্ষণৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ এক পৰিনিয়ত নিকায় ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদে দেশত শিক্ষক শিক্ষাৰ পৰিকল্পিত আৰু সমন্বিত উন্নয়নৰ কাৰণে দায়ী। এন.চি.টি.ই.-য়ে বিভিন্ন শিক্ষক শিক্ষাৰ পাঠ্যক্ৰম, শিক্ষক প্ৰশিক্ষকৰ কাৰণে ন্য়ুনতম যোগ্যতা, পাঠ্যক্ৰম আৰু সমল নিৰ্ধাৰিত সময়সীমা আৰু বিভিন্ন পাঠ্যক্ৰমৰ কাৰণে শিক্ষাৰ্থী- শিক্ষকৰ প্ৰৱেশৰ ন্য়ুনতম যোগ্যতাৰ মান নিৰ্ধাৰণ কৰে। এইধৰণৰ পাঠ্যক্ৰমসমূহ গ্ৰহণ কৰাত আগ্ৰহী প্ৰতিষ্ঠানসমূহক(চৰকাৰী, চৰকাৰী সাহাৰ্যপ্ৰাপ্ত আৰু স্বয়ং অৰ্থায়ন)স্বীকৃতি প্ৰদান কৰে আৰু ইয়াৰ মান আৰু গুণৰ নিয়ন্ত্ৰণ আৰু নিৰীক্ষণৰ কাৰণে অৰ্ন্তনিহিত প্ৰক্ৰিয়াও প্ৰদান কৰে।
নিযুক্তিকালীন প্ৰশিক্ষণৰ কাৰণে দেশত চৰকাৰী মান্যতাপ্ৰাপ্ত শিক্ষক প্ৰশিক্ষণ সংস্থাৰ এক বৃহৎ নেটৱৰ্ক আছে যি বিদ্যালয়ৰ শিক্ষকসকলক সেৱা প্ৰশিক্ষণ প্ৰদান কৰে। এই শিক্ষক প্ৰশিক্ষণ সংস্থাবোৰে থিয় আৰু সমতলভাৱে বিস্তাৰিত। এন.চি.আৰ.টি.য়ে ইয়াৰ ছয়টা আঞ্চলিক শিক্ষা প্ৰতিষ্ঠানসহ বিভিন্ন শিক্ষক প্ৰশিক্ষণ পাঠ্যক্ৰমৰ কাৰণে মডিউল প্ৰস্তুত কৰে আৰু শিক্ষক আৰু শিক্ষক প্ৰশিক্ষকৰ কাৰণে নিৰ্দিষ্ট কাৰ্যসূচী গ্ৰহণ কৰে। শিক্ষাৰ পৰিকল্পনা আৰু প্ৰশাসনৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ে প্ৰতিষ্ঠানিক সহায়তা প্ৰদান কৰে। এন.চি.আৰ.টি. আৰু এন.ইউ.ই.পি.এ. - দুয়োটাই হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বায়িত্ব শাসিত সংস্থা। ৰাজ্যিক পৰ্যায়ত ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে শিক্ষক প্ৰশিক্ষকৰ কাৰণে মডিউল প্ৰস্তুত কৰে আৰু শিক্ষক প্ৰশিক্ষকৰ আৰু বিদ্যালয়ৰ শিক্ষকৰ কাৰণে বিশেষ পাঠ্যক্ৰমৰ পৰিচালনা কৰে। শিক্ষক শিক্ষাৰ মহাবিদ্যালয় আৰু আই.এ.এচ..ই. য়ে মাধ্যমিক আৰু জেষ্ঠ্য মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আৰু শিক্ষক প্ৰশিক্ষকক সেৱা প্ৰশিক্ষণ আগবঢ়াই। জিলা পৰ্যায়ত, জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ দ্বাৰা সেৱা প্ৰশিক্ষণ দিয়া হয়। খন্ড সমল কেন্দ্ৰ আৰু মন্ডল সমল কেন্দ্ৰই বিদ্যালয়ৰ শিক্ষকক সেৱা প্ৰশিক্ষণ প্ৰদানৰ বাবে লম্বমান ক্ৰম অনুসৰি সকলোতকৈ কম সংখ্যাত আছে। ইয়াৰ উপৰিও সেৱা প্ৰশিক্ষণ সভ্য সমাজ, অসাহাৰ্যপ্ৰাপ্ত বিদ্যালয় আৰু অন্যান্য প্ৰতিষ্ঠানসমূহক সক্ৰিয় ভূমিকা সৈতে প্ৰদান কৰা হয়।
ডি.এল.এড.(মুক্ত আৰু দূৰ শিক্ষণ প্ৰথা)ৰ অৱলোকন:
আমাৰ গণতন্ত্ৰৰ আৰম্ভণিৰ পিছৰ পৰাই সাৰ্বজনীন প্ৰাথমিক শিক্ষাত শিক্ষকৰ ভূমিকাক স্বীকাৰ কৰা হৈছে। শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ আইন,২০০৯ৰ ২১-A ধাৰাই আনুষঙ্গিক ব্যৱস্থাপনা প্ৰতিনিধিত্ব কৰে যাৰ অৰ্থ হল সকলো শিশুৰেই সন্তোষজনক আৰু যথাযথভাৱে অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ নিয়োগ প্ৰদান কৰা হয়।
শিক্ষক শিক্ষা হৈছে শিক্ষক শিকন সংস্থাৰ বিষয়, যি শিক্ষকসকলক ছাত্ৰ-ছাত্ৰী সঞ্চালিত শ্ৰেণীকোঠাত পাঠদান কৰিব পৰাকৈ প্ৰস্তুত কৰি উলিয়ায়। আগৰ শতাব্দীৰ তুলনাত আজিৰ দিনত শিক্ষক শিক্ষা অতি গুৰুত্বপূৰ্ণ। এছ.চি.আৰ.টিয়ে আৰম্ভণিৰ পৰাই ৰাজ্যখনৰ গুণগত প্ৰাথমিক বিদ্যালয় শিক্ষা আৰু শিক্ষক শিক্ষাৰ উন্নতি লগত জড়িত হৈ আছে।
এছ.চি.আৰ.টিয়ে নিয়মিত/মুখামুখি প্ৰথাৰ মাধ্যমেৰে শিক্ষকক পেছাদাৰীভাৱে সক্ষম কৰি আৰু শিক্ষাৰ গুণগত মান বৃদ্ধি কৰাৰ বাবে দুবছৰীয়া ডি.এল.এড. পাঠ্যক্ৰমৰ সঞ্চালন কৰি আহিছে।
এই পাঠ্যক্ৰমৰ প্ৰধান বৈশিষ্ট্যসমূহ হল –
(১) অসমত কৰ্মৰত অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰা।
(২) কাৰ্যকৰী শিক্ষক হিচাপে গঢ়ি তুলিবলৈ তেওঁলোকৰ মাজত জ্ঞান, দক্ষতা, ক্ষমতা আৰু পেছাদাৰিত্বৰ বিকাশ সাধন কৰিব লাগে।
(৩) তেওঁলোকে শিকাৰ সহায়কাৰী উপাদানসমূহ আৰু শিশুৰ বিকাশৰ কাৰকসমূহ উপলব্ধি কৰিব লাগে।
(৪) তেওঁলোকৰ মাজত বিদ্যালয়ৰ পাঠ্যক্ৰম আৰু পাঠ্য তালিকাৰ বিকাশ বিকশিত কৰিব লাগে।
(৫) শিক্ষণ শিকন প্ৰক্ৰিয়াত উদ্ভাৱনী পৰিৱৰ্তন আৰু বিকাশৰ লগত তেওঁলোকক পৰিচিত কৰি দিব লাগে।
(৬) সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পৰিপ্ৰেক্ষিতত শিক্ষকসকলৰ ভূমিকা আৰু দায়িত্বৰ লগত তেওঁলোকক পৰিচিত কৰা দিব লাগে।
(৭) প্ৰশিক্ষণ প্ৰাৰ্থীসকলৰ মাজত কাৰ্যকৰী পেছাদাৰিত্বৰ বিকাশ ঘটোৱা।
ডি.এল.এড.- দূৰ শিক্ষণ প্ৰথা-
এছ.চি.আৰ.টিয়ে মুক্ত আৰু দূৰ শিক্ষণ (ODL) প্ৰথাৰ মাধ্যমেৰে শিক্ষকক পেছাদাৰীভাৱে সক্ষম কৰি আৰু শিক্ষাৰ গুণগত মান বৃদ্ধি কৰাৰ বাবে দুবছৰীয়া ডি.এল.এড. পাঠ্যক্ৰমৰ সঞ্চালন কৰে।
কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত প্ৰাথমিক শিক্ষাত ডিপ্লোমা পাঠ্যক্ৰম
অসমত শিক্ষাৰ অধিকাৰ আইন(২০০৯)খন ১ এপ্ৰিল ১০১০ বৰ্ষৰ পৰা আৰম্ভ হয়। এই আইনখনত কোৱা হৈছে যে অসমৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক স্তৰৰ শিক্ষকসকলৰ কিছু সংখ্যক অপ্ৰশিক্ষিত হৈ আছে। ইয়াৰ উপৰিও, অলপতে নিযুক্তি লাভ কৰা টেট উত্তীৰ্ণ শিক্ষকসকল যাৰ বি.এড. উপাধি আছে সেইসকলৰ বাহিৰে অন্যসকলৰ মাজত প্ৰচলিত শিক্ষক-প্ৰশিক্ষণৰ অভাৱ। মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ নিৰ্দশ অনুযায়ী, ২০১৫ বৰ্যৰ ভিতৰত সকলো অপ্ৰশিক্ষিত শিক্ষকক প্ৰশিক্ষিত কৰিব লাগিব। দৰাচলতে এই বৃহত সংখ্যক শিক্ষকক মুখা-মুখি প্ৰথাৰে ইমান কম সময়ৰ ভিতৰত প্ৰশিক্ষিত কৰাটো সম্ভৱপৰ নহয়, সেইকাৰণে অসম চৰকাৰে এটা সিদ্ধান্ত উপনীত হৈছে যে এনে শিক্ষকসকলক শিক্ষাৰ দূৰ মাধ্যম প্ৰথাৰে প্ৰশিক্ষিত কৰা হব। ইয়াৰবাবে কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ক পাঠ্যক্ৰম প্ৰস্তুত কৰা আৰু শিক্ষক-শিক্ষক কাৰ্য্যক্ৰমক উন্নতি কৰাৰ দায়িত্ব অৰ্পণ কৰা হয়। এইদৰেই বিশ্ববিদ্যালয়খনে প্ৰাথমিক শিক্ষাত ডিপ্লোমা পাঠ্যক্ৰম স্থানীয় বিশেষজ্ঞসকলৰ বাহিৰেও এন.চি.টি.ই.ৰ নিৰ্দেশনাৰ আলোকত ডি.ই.চি আৰু ইগনোৰ বিশেষজ্ঞসকলৰ অকাডেমিক সমৰ্থনত ৰচনা আৰু বিকাশ কৰে আৰু অসম সৰ্ব শিক্ষা অভিযানৰ জৰিয়তে এন.চি.টি.ই.ত দাখিল কৰা হয়। এই পাঠ্যক্ৰমৰ সময়সীমা ২ বছৰ আৰু কেৱল মাত্ৰ অসম চৰকাৰৰ(সৰ্ব শিক্ষা অভিযান) দ্বাৰা নিৰ্বাচিত/ মনোনীত/প্ৰতিনিযুক্তি লাভ কৰা সকলে এই প্ৰশিক্ষণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।